চিটাৰা ডেস্ক, ৬ মাৰ্চ: বলীউডৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণৰ অভিনীত ছবি 'ভোলা'ৰ ট্ৰেইলাৰ মুকলি ৷ সোমবাৰে অৰ্থাৎ আজি দুপৰীয়া ২:১৮ বজাত মুক্তি লাভ কৰে ছবিখনৰ ট্ৰেইলাৰ ৷ অভিনেত্ৰী টাবুৱেও অভিনয় কৰা এই ছবিখনৰ প্ৰযোজক অজয় দেৱগণ ফিল্মছ, টি ছিৰিজ ফিল্মছ, ৰিলায়েন্স এণ্টাৰটেইনমেণ্ট, ড্ৰিম ৱাৰিয়ৰ পিকচাৰ্ছ ৷ আনহাতে ছবিখন পৰিচালনা কৰিছে লোকেশ কানাগৰাজে (Bholaa trailer out)।
জানিব পৰা মতে এই ছবিখনত এজন প্ৰাক্তন দোষী কাৰাগাৰৰ পৰা মুক্তি পোৱাৰ পিচত প্ৰথমবাৰৰ বাবে কন্যাক লগ কৰাৰ সিদ্ধান্ত লোৱা আৰু তাৰ পিচত এটা গুৰুতৰ পৰিস্থিতিত আৱদ্ধ হৈ পৰা ওপৰত নিৰ্মিত হৈছে ছবিখন । ‘ভোলা’ মুক্তিৰ পূৰ্বে সোমবাৰে ছবিখনৰ নিৰ্মাতাসকলে উন্মোচন কৰে ছবিখনৰ ৰোমান্টিক গীত ‘নাজাৰ লাগ যায়গী’ । গীতটিৰ কথা ইৰছাদ কামিলৰ আৰু কণ্ঠদান কৰিছে জাভেদ আলীয়ে (Ajay Devgann starrer Bholaa trailer out now) ।
অজয় আৰু অমলা পলৰ ওপৰত চিত্ৰিত সুৰীয়া ট্ৰেকটো ৰবি বাছৰুৰে ৰচনা কৰিছে । অমলা আৰু অজয়ৰ চৰিত্ৰৰ প্ৰেমত পৰা গীতটিৰ বিষয়ে অজয়ে কয়, "গীতটোৱে ছবিখনৰ আৱেগিক দিশটো প্ৰদৰ্শন কৰিছে (Bholaa song Nazar Lag Jayegi) । ইৰছাদজী, জাভেদ আলী আৰু ৰবি বাছৰুৰে ছবিখন সুন্দৰকৈ একত্ৰিত কৰাত মই সুখী (Bholaa Trailer)।"