চিটাৰা ডেস্ক, ১৩ ছেপ্টেম্বৰ: বলীউডৰ অভিনেতা অজয় দেৱগনে ১০০ খনতকৈও অধিক হিন্দী ছবিত কাম কৰিছে। ‘দৃশ্যম’ৰ পৰা ‘শিৱায়’লৈকে বলীউডৰ সিংঘমে দৰ্শকক নিজৰ অভিনয়েৰে মনোৰঞ্জন দি আহিছে ৷ ইফালে ব্যক্তিগত জীৱনত অজয় দুটি সন্তানৰ পিতৃ ৷ কন্যা ন্যাছা আৰু যুগৰ পিতৃ অজয় ৷ আজি পুত্ৰ যুগৰ জন্মদিনত পুত্ৰৰ সৈতে এখন মৰমীয়াল ছবি পোষ্ট কৰিছে অভিনেতাগৰাকী ।
অজয় দেৱগনে যুগক জন্মদিনৰ শুভেচ্ছা জনাইছে এটি সুন্দৰ পোষ্টেৰে
বুধবাৰে পুৱা অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰামত এখন ছবি শ্বেয়াৰ কৰিছে ৷ পিতৃ-পুত্ৰৰ যুটিটোক একেলগে ছবিখনত সুখী দেখা পোৱা গৈছে । জন্মদিনৰ শুভেচ্ছা জনাই অভিনেতাগৰাকীয়ে নিজৰ কেপচনত লিখিছে, ‘সি ইতিমধ্যে মোৰ কোলাত ডাঙৰ হৈ আহিছে । জন্মদিনৰ শুভেচ্ছা ল’ৰা...অলপ লাহে লাহে ডাঙৰ হোৱা ।" দুয়োৰে মাজত থকা দৃঢ় বন্ধনটো ছবিখনত স্পষ্টকৈ দেখা গৈছে। ফটোখনত যুগে দেউতাকৰ কোলাত শুই দেউতাকৰ ফালে চাই আছে।
পুত্ৰ যুগৰ বাবে কাজলৰ জন্মদিনৰ পোষ্ট