অসম

assam

ETV Bharat / entertainment

Paris Fashion Week 2023: সোণালী ৰঙৰ সাজত ৰেম্পত খোজ দিলে ঐশ্বৰ্য ৰায়ে, চাওক ভিডিঅ’ - পেৰিছ ফেশ্বন উইক

‘পেৰিছ ফেশ্বন উইক’ত পুনৰবাৰ ল’ৰিয়েলৰ বাবে ৰেম্পত খোজ দিয়ে বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চনে । এই শ্ব’টোৰ পৰা অভিনেত্ৰীগৰাকীৰ ভিডিঅ’ আৰু ছবি সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ।

Aishawrya Rai Bachchan Stuuning ramp walk in Paris Fashion Week
পেৰিছ ফেশ্বন উইক’ত ঐশ্বৰ্য ৰায় বচ্চন

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 5:12 PM IST

চিটাৰা ডেস্ক, 2 অক্টোবৰ: বৰ্তমান পেৰিছত আছে বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চন ৷ ‘পেৰিছ ফেশ্বন উইক’ৰ ‘ল’ৰিয়েল’ শ্ব’ত অংশগ্ৰহণৰ বাবে পেৰিছত আছে অভিনেত্ৰীগৰাকী । কন্যা আৰাধ্যা বচ্চনৰ সৈতে পেৰিছলৈ গৈছে অভিনেত্ৰীগৰাকী । ‘ল’ৰিয়েল’ৰ ইণ্ডিয়ান এম্বেছেডৰ হোৱাৰ বাবে ঐশ্বৰ্য প্ৰতি বছৰেই এই অনুষ্ঠানত অংশগ্ৰহণ কৰে । দেওবাৰে এই অনুষ্ঠানৰ পৰা অভিনেত্ৰীগৰাকীৰ বহু ছবি প্ৰকাশ পাইছিল, য’ত ঐশ্বৰ্যক ছুপাৰ ষ্টাইলিছ দেখা গৈছিল ।

আকৌ এবাৰ ৰেম্পত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে ঐশ্বৰ্য ৰায়ে

অভিনেত্ৰীগৰাকীয়ে পেৰিছ ফেশ্বন উইকত ল’ৰিয়েলৰ বাবে ৰেম্পত খোজ দিয়ে । ছ’চিয়েল মিডিয়াত এই শ্ব’টোৰ বহু ভিডিঅ’ পোহৰলৈ আহিছে । ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে সোণালী ৰঙৰ জিলিকি থকা গাউন পৰিধান কৰি নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰা দেখা গৈছে ।

ফেশ্বন শ্ব’ত ঐশ্বৰ্যৰ সোণালী ৰঙৰ চুলিকোচাও জিলিকি আছিল । মঞ্চৰ পৰাই ফ্লাইং কিছ দি অনুৰাগীৰ হৃদয় জয় কৰে অভিনেত্ৰীগৰাকীয়ে । কেৱল এয়াই নহয়, ভিন্ন ভংগীমাৰে কেমেৰাৰ সন্মুখত পোজ দিয়ে অভিনেত্ৰীগৰাকীয়ে । অভিনেত্ৰীগৰাকীৰ এই লুকটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে চৰ্চা লাভ কৰে । অনুৰাগীয়ে তেওঁৰ বিশেষ ৰূপটোক প্ৰশংসা কৰিছে ।

উল্লেখ্য যে, এইবাৰ বচ্চন পৰিয়ালৰ এগৰাকী নহয় দুগৰাকী সদস্যই এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে । ‘পেৰিছ ফেশ্বন উইক’ত আত্মপ্ৰকাশ কৰাৰ বাবে সাজু হৈছে অমিতাভ বচ্চনৰ নাতিনীয়েক নব্যা নভেলী নন্দা । 'পেৰিছ ফেশ্বন উইক'ত ল'ৰিয়েল পেৰিছৰ ক'জ এম্বেছাদৰ হিচাপে আত্মপ্ৰকাশ কৰিব নব্যাই ৷ দেওবাৰে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত পেৰিছৰ কিছু ছবি শ্বেয়াৰ কৰিছিল নব্যাই, য’ত বগা পোছাক পৰিধান কৰা নব্যাক অতি ধুনীয়া দেখা গৈছিল ।

লগতে পঢ়ক:India's Best Dancer 3: ইণ্ডিয়া’ছ বেষ্ট ডান্সাৰ ছিজন ৩ৰ বিজয়ী অসমৰ সমৰ্পণ লামা, বহু বছৰ ধৰি দেখা নাই পৰিয়ালৰ মুখ
লগতে পঢ়ক:Uorfi Javed Demon Look: উৰ্ফী জাভেদৰ ভয়ংকৰ ৰূপ; ভিডিঅ’ চাই অনুৰাগীয়ে পঢ়িলে হনুমান চালিছা

ABOUT THE AUTHOR

...view details