চিটাৰা ডেস্ক, ১৪ জানুৱাৰী:মেগাষ্টাৰ অমিতাভ বচ্চনৰ নাতি অগস্ত্য নন্দাই শেহতীয়াকৈ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছে । জোয়া আখতাৰৰ ছবিৰ জৰিয়তে বলীউডৰ যাত্ৰা আৰম্ভ কৰিছে অগস্ত্যই । প্ৰথমখন ছবি ‘দ্য আৰ্চিছ’ত তেওঁৰ অভিনয়ক যথেষ্ট প্ৰশংসা কৰিছে দৰ্শকে । অৱশ্যে শেহতীয়াকৈ অগস্ত্যই স্বীকাৰ কৰিছে যে তেওঁ জনা নাছিল যে তেওঁৰ মাতৃৰ দেউতাক অৰ্থাৎ ককাক অমিতাভ বচ্চন ইমান জনপ্ৰিয় বুলি ।
অমিতাভ বচ্চনৰ জনপ্ৰিয়তা কেতিয়া উপলব্ধি কৰিলে অগস্ত্যই ?
শেহতীয়াকৈ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ এই কথা স্বীকাৰ কৰিছে । অগস্ত্যই কয়, ‘‘ককাৰ জনপ্ৰিয়তা মই তেতিয়া উপলব্ধি কৰিছিলো, যেতিয়া তেওঁ মোৰ দিল্লীৰ স্কুললৈ আহিছিল ।’’
অগস্ত্যই সাক্ষাৎকাৰটোত কৈছিল, ‘‘মোৰ পৰিয়ালত কামৰ বিষয়ে আলোচনা নহয় । ককাই কেতিয়াও ঘৰত কামৰ কথা কোৱা নাছিল । গতিকে সকলো মোৰ বাবে বৰ স্বাভাৱিক যেন আছিল । মই ভাবিছিলো তেওঁ এজন স্বাভাৱিক মানুহ । কিন্তু এদিন তেওঁ মোৰ স্কুললৈ আহিছিল আৰু তেতিয়া মই উপলব্ধি কৰিছিলো যে তেওঁ কিমান বিখ্যাত । এবাৰ দিল্লীৰ স্কুলত ককা-আইতা দিৱস অনুষ্ঠিত হৈছিল, তেতিয়া মোৰ ককা তালৈ আহিছিল । মোৰ স্কুললৈ অহাৰ লগে লগে মানুহবোৰ উৎকণ্ঠিত হৈ পৰিছিল তেওঁক এবাৰ ওচৰৰ পৰা চাবলৈ ৷ তেতিয়াহে মই তেওঁৰ জনপ্ৰিয়তাৰ কথা বুজিলোঁ ৷ তাৰ পিচত যেতিয়া মই তেওঁৰ চিনেমা চাবলৈ আৰম্ভ কৰিলোঁ, তেতিয়া বুজিলোঁ যে তেওঁ কিমান ডাঙৰ অভিনেতা ।’’