অসম

assam

ETV Bharat / entertainment

Kajal Aggarwal baby: প্ৰথম সন্তানৰ নাম নীল ৰাখিলে কাজলে - কাজল আগৰৱালৰ নতুন খবৰ

প্ৰথম সন্তানক আদৰণি জনোৱাৰ কেইদিনমানৰ পিছত কাজলে ইনষ্টাগ্ৰামৰ জৰিয়তে জনালে যে তেওঁ আৰু স্বামী গৌতম কিট্চলুৱে তেওঁলোকৰ সন্তানটিৰ নাম নীল ৰাখিছে (Kajal Aggarwal baby name) ৷ কাজলে লগতে এখন আন্তৰিক টোকাও শ্বেয়াৰ কৰিছে ।

Kajal Aggarwal
জন্ম হোৱা সন্তানৰ নাম নীল ৰাখিলে কাজলে

By

Published : Apr 21, 2022, 7:14 PM IST

চিটাৰা ডেস্ক, 21 এপ্ৰিল:কাজল আগৰৱাল বৰ্তমান মাতৃ হোৱাৰ সুখত আত্মহাৰা হৈ আছে ৷ প্ৰথমটি সন্তানৰ জন্মৰ কেইদিনমান পিছত ইনষ্টাগ্ৰামত কাজলে প্ৰকাশ কৰে যে তেওঁ আৰু স্বামীয়ে সন্তানটিৰ নাম নীল ৰাখে (Kajal Aggarwal baby name) ৷ সন্তান জন্ম দিয়াৰ এই সময়ছোৱা তেওঁলোকৰ জীৱনৰ আটাইতকৈ সুখৰ সময় আছিল বুলি অভিহিত কৰে তেওঁ (Kajal Aggarwal baby) ৷

ভালপোৱাৰ আটাইতকৈ গভীৰ অৰ্থ এই গৰ্ভধাৰণৰ সময়ত কাজলে উপলব্ধি কৰিছিল বুলি উল্লেখ কৰে ৷ সুখৰ সমান্তৰালকৈ দায়িত্বভাৰেও মনত দোলা দি থাকে বুলিও মত প্ৰকাশ কৰে কাজলে ৷ সন্তান জন্ম হোৱাৰ পিছৰ সময়খিনি কাজলে কেনেদৰে পাৰ কৰিছে সেই বিষয়েও অনুৰাগীৰে সৈতে শ্বেয়াৰ কৰিছে (Kajal Aggarwal instagram) ৷

সন্তানটিৰ জন্মৰ পিছত কাজলো সন্তানটিৰ সমান্তৰালকৈ ডাঙৰ হৈছে, নতুনকৈ শিকিবলৈ আৰম্ভ কৰিছে আৰু এইটো দুয়োৰে বাবে এটা যুটীয়া যাত্ৰা বুলি কয় কাজলে ৷ কাজল আগৰৱালৰ দৃষ্টিত প্ৰসৱৰ পিছৰ সময়খিনি এতিয়া সঁচাই সুন্দৰ হৈ পৰিছে ৷ কাজল আৰু গৌতমে মুম্বাইত 2020 চনত বিবাহ পাশত আৱদ্ধ হৈছিল ৷ নতুন বছৰৰ আৰম্ভণিতে দুয়োৱে সন্তান আগমনৰ খবৰ শ্বেয়াৰ কৰিছিল ( Kajal Aggarwal Gautam Kitchlu baby) ৷

লগতে পঢ়ক:হিমেশ ৰেশমিয়াক নিজৰ বায়’পিকত অভিনয় কৰিবলৈ আহ্বান ৰাণু মণ্ডলৰ

ABOUT THE AUTHOR

...view details