চিটাৰা ডেস্ক, 17 জানুৱাৰী :২০২৩ চনটো বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয়, কিয়নো তেওঁৰ প্ৰতিখন ছবিয়েই বক্স অফিচত সফল হয় । সিদ্ধাৰ্থ আনন্দৰ পাঠানৰ পৰা আৰম্ভ কৰি এটলীৰ জোৱান আৰু তাৰ পিছত ৰাজকুমাৰ হিৰাণীৰ ডাংকিলৈকে ২০২৩ চনত প্ৰতিভাৱান অভিনেতাগৰাকীয়ে নিজৰ অভিনয়ৰ যাদুৰে সকলোকে মুগ্ধ কৰি ৰাখে ৷ এতিয়া বাতৰি অনুসৰি কিং খানে এই জানুৱাৰী মাহৰ শেষৰ ফালে নিজৰ পৰৱৰ্তী প্ৰকল্প ঘোষণা কৰাৰ সম্ভাৱনা আছে ৷
সূত্ৰৰ পৰা জানিব পৰা গৈছে যে, অভিনেতাগৰাকীয়ে নিজৰ কঠোৰ পৰিশ্ৰমৰ ফলাফল লাভ কৰি আনন্দিত হৈ পৰিছে, কিয়নো তেওঁৰ ছবিসমূহে বক্স অফিচত যথেষ্ট প্ৰভাৱ পেলাইছে । নৱবৰ্ষ উদযাপনৰ বাবে শ্বাহৰুখ খান পৰিয়ালৰ সৈতে সময় কটাবলৈ লণ্ডনলৈ ৰাওনা হয় । তদুপৰি আভিনেতাজনৰ ঘনিষ্ঠ লোকে দাবী কৰিছে যে, ৫৮ বছৰীয়া অভিনেতাগৰাকীয়ে এই মাহত তিনিটা নতুন প্ৰজেক্ট ঘোষণা কৰাৰ সম্ভাৱনা আছে ।