অসম

assam

ETV Bharat / entertainment

Salman Khan gets arms license: ভাবুকি পত্ৰ লাভ কৰাৰ পিছত ছলমান খানে পালে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ - ছলমান খানৰ নতুন খবৰ

বিগত মাহত ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানে মে’ মাহত গুলীয়াই হত্যা কৰা পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ দৰেই মৃত্যুৰ সন্মুখীন হ’ব বুলি ভাবুকিৰে এখন পত্ৰ লাভ কৰিছিল । তাৰ পিছতেই বন্দুকৰ অনুজ্ঞা পত্ৰ বিচাৰি আবেদন জনাইছিল ভাইজানে (Salman Khan latest news) ৷

Salman Khan
ভাবুকি পত্ৰ লাভ কৰাৰ পিছত ছলমান খানে লাভ কৰিছে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ

By

Published : Aug 1, 2022, 11:08 AM IST

চিটাৰা ডেস্ক, 1 আগষ্ট :বলীউডৰ অভিনেতা ছলমান খানে শেহতীয়াকৈ লাভ কৰা ভাবুকি পত্ৰৰ পাছতেই আত্মৰক্ষাৰ বাবে অস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ বাবে মুম্বাই আৰক্ষীক এখন আবেদন দাখিল কৰিছিল ৷ ইয়াৰ পিছতে তেওঁক এখন আৰ্মছ লাইচেন্স প্ৰদান কৰা বুলি সোমবাৰে মুম্বাই আৰক্ষীয়ে প্ৰকাশ কৰিছে (Salman Khan latest news)। শেহতীয়াকৈ মুম্বাই আৰক্ষী আয়ুক্ত বিবেক ফানচালকাৰ আৰু যুটীয়া আৰক্ষী আয়ুক্ত বিশ্বাস নাংগ্ৰে-পাটিলক সাক্ষাৎ কৰিছিল বলীউড অভিনেতা গৰাকীয়ে ।

বিগত মাহত ছলমান খান আৰু তেওঁৰ পিতৃ, চিত্ৰনাট্যকাৰ চেলিম খানে এখন ভাবুকি পত্ৰ লাভ কৰিছিল ৷ মে’ মাহত হত্যা কৰা পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ দৰেই মৃত্যুৰ সন্মুখীন হ’ব বুলি ভাবুকি পত্ৰখনত উল্লেখ আছিল ।

ABOUT THE AUTHOR

...view details