চিটাৰা ডেস্ক, 11 নৱেম্বৰ:প্ৰবীণ অভিনেতা তথা মেগাষ্টাৰ অমিতাভ বচ্চনৰ কন্যা উদ্যোগী তথা স্তম্ভলেখক শ্বেতা বচ্চন নন্দাই শেহতীয়াকৈ প্ৰকাশ কৰিছে যে, তেওঁ প্ৰতিমাহে ৩ হাজাৰ টকা দৰমহাত সহকাৰী শিক্ষয়িত্ৰী হিচাপে কাম কৰিছিল(Shweta Bachchan worked as teacher) ।
শেহতীয়াকৈ, নব্যাৰ প’ডকাষ্ট(shweta bachchan jaya bachchan navya podcast) ‘ৱাট দ্য হেল নব্যা’ৰ এটা খণ্ডত শ্বেতা বচ্চন নন্দাৰ কন্যা নব্যা নভেলী নন্দাই তেওঁ আৰু তেওঁৰ মাতৃ তথা আইতাক জয়া বচ্চনৰ ধনৰ সৈতে সম্পৰ্ক আৰু মহিলাৰ বাবে আৰ্থিক স্বাধীনতাৰ সম্পৰ্কৰ ওপৰত এক আলোচনা কৰিছিল(what the hell navya podcast) ।
টকাৰ লগত বেয়া সম্পৰ্ক
তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰি থকাৰ সময়ত শ্বেতাই কিদৰে ব্যৱসায়ী নিখিল নন্দাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ দিল্লীলৈ যোৱাৰ সময়ত কিণ্ডাৰগাৰ্টেন স্কুলত সহকাৰী শিক্ষক হিচাপে কাম কৰিছিল সেই বিষয়ে উল্লেখ কৰে(shweta bachchan on money and finances)। টকাৰ সৈতে মোৰ সঁচাকৈয়ে বেয়া সম্পৰ্ক আছে বুলিও তেওঁ স্বীকাৰ কৰে ।
ভাতৃৰ পৰা টকা ধাৰলৈ লৈছিল শ্বেতাই
ভাতৃ অভিষেক বচ্চনৰ পৰা ধাৰ কৰা ধনৰ কথাও মনত পেলাই শ্বেতাই কয়, "মই কেৱল কলেজতে নহয় স্কুলতো খাদ্য ক্ৰয় কৰিবলৈ টকা ধাৰ লৈ আছিলো (অভিষেক বচ্চনৰ পৰা)।" যেতিয়া আপুনি বৰ্ডিং স্কুলত থাকে, তেতিয়া এই (খাদ্য) এই সকলোবোৰৰ বিষয়ে মই কেতিয়াও শিকা নাছিলোঁ ।"