চিটাৰা ডেস্ক, 2 ছেপ্তেম্বৰ : - চুপাৰষ্টাৰ আমীৰ খানে আমীৰ খান প্ৰডাকচনৰ ইনষ্টাগ্ৰাম পেজত এটা ক্ষমাপ্ৰাৰ্থনাৰ ভিডিঅ’ আপলোড কৰাৰ পিছতে নেটিজেনসকলৰ মাজত হুৱাদুৱা লাগে ৷ ভিডিঅ’ ক্লিপটোৰ আৰম্ভণিতে ‘MICHAMI DUKKADUM’ শব্দটো দেখিবলৈ পোৱা গৈছে যাৰ অৰ্থ হৈছে ‘যি অশোভনীয় কাৰ্য্য হৈছে সেইয়া সকলো অসাৰ হওক’ ।
ভিডিঅ’টোত থকা ব্যাখ্যা এনেধৰণৰ... "আমি সকলো মানুহ আৰু ভুল আমাৰ হাততেই হয় । কেতিয়াবা কথাৰে আৰু কেতিয়াবা আমাৰ কাৰ্য্যৰে, কেতিয়াবা ধেমালি নতুবা কেতিয়াবা খঙেৰে অজানিতে আমি কাৰোবাক আঘাত দিও ৷ মই যদি আপোনালোকৰ মনত আঘাত দিছো তেন্তে মনৰ পৰা ক্ষমা বিচাৰিছো" ৷ ভিডিঅ’ ক্লিপটোৰ বেকগ্ৰাউণ্ড মিউজিকত বাজিছে শ্বাহৰুখৰ হিট গান কল হো না হো ৷