অসম

assam

ETV Bharat / entertainment

Salman Khan birthday:প্ৰাক্তন প্ৰেমিকা সংগীত বিজলানীৰ কপালত চুমা খাই বাৰ্থডে’ৰ পৰা বিদায় দিলে ছলমানে

সংগীতাক গাড়ীৰ কাষত আগবঢ়াই থ’বলৈ গৈছিল ছলমান ৷ তাতেই আলিংগণ কৰি কপালত চুমা আকি দিলে ভাইজানে প্ৰাক্তন প্ৰেমিকাৰ (Salman Khan Sangeeta Bijlani) ৷ চাওক ভিডিঅ’-

Salman Khan
ছলমানৰ জন্মদিনত প্ৰাক্তন প্ৰেমিকা সংগীতা

By

Published : Dec 27, 2022, 1:45 PM IST

চিটাৰা ডেস্ক, 27 ডিচেম্বৰ : 27 ডিচেম্বৰত চুপাৰষ্টাৰ ছলমান খানে 57 বছৰ সম্পূৰ্ণ কৰিলে ৷ ভাইজানৰ বাৰ্থডে’ পাৰ্টী মুম্বাইত থকা তেওঁৰ ভগ্নী অৰ্পিতা সিঙৰ বাসগৃহত ধুমধামেৰে আয়োজন কৰা হয় । বলীউডৰ বহু তাৰকা উপস্থিত হয় এই জন্মদিনৰ অনুষ্ঠানত । শ্বাহৰুখ খানৰ পৰা আৰম্ভ কৰি প্ৰাক্তন প্ৰেমিকা সংগীতা বিজলানীলৈকে সকলোৱে ছলমানৰ জন্মদিন বিশেষ কৰি তোলে । এতিয়া ছলমানৰ জন্মদিনৰ পাৰ্টীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত তেওঁক সংগীতাৰ কপালত চুমা খাই থকা দেখা গৈছে ।

সোমবাৰে নিশা অৰ্পিতাৰ বান্দ্ৰাৰ বাসগৃহ তাৰকাৰে ভৰি পৰে কিয়নো তেওঁৰ ডাঙৰ ভাতৃ ছলমানে সম্পূৰ্ণ কৰে জীৱনৰ 57 টা বছৰ । বাদশ্বাহৰ পৰা ধৰি কাৰ্তিক আৰ্য়ানলৈকে সকলো চেলেব্ৰিটীসকলে ছলমানৰ বিশেষ দিনটো উদযাপন কৰিবলৈ গোট খাইছিল ।

ছলমানৰ প্ৰেমিকা বুলি জনাজাত ইউলিয়া ভাণ্টুৰক গ্লিটাৰী ক’লা সাজ এটাত দেখা গৈছিল ৷ আনহাতে তেওঁৰ প্ৰাক্তন প্ৰেমিকা সংগীতাই নীলা ৰঙৰ গ্লিটাৰী ড্ৰেছ এটা পিন্ধি পাৰ্টীত অংশগ্ৰহণ কৰিছিল । ছলমানে আনকি সংগীতাক তেওঁৰ গাড়ীৰ ওচৰলৈ আগবঢ়াই থ’বলৈয়ো ওলাই আহিছিল । কিন্তু গাড়ী আহি পোৱালৈ অপেক্ষা কৰি থকাৰ সময়তে ছলমানে বিজলানীক সাৱটি ধৰি কপালত চুমা আকি দিয়ে কপালত ।

ছলমান আৰু সংগীতাৰ এই মৰমলগা ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ৷ পাপাৰাজ’ মানৱ মংগলানীয়ে নিজৰ ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰে ভিডিঅ’টো । ছলমানে 1994 চনত সংগীতাক প্ৰায় বিয়াই কৰাইছিল । বিয়াৰ নিমন্ত্ৰণী পত্ৰও ছপা হৈ গৈছিল ।

প্ৰাপ্ত খবৰ অনুসৰি সংগীতাই আপাত দৃষ্টিত সৌমী আলীৰ সৈতে ছলমানৰ ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ কথা গম পাই বিয়াখন বাতিল কৰে । দুয়োৰে মাজত যি ঘটিছিল সেইয়া পাহৰি ছলমান আৰু সংগীতাই ইজনে সিজনৰ লগত এক আন্তৰিক সম্পৰ্ক গঢ়ি তুলিছে । সংগীতা ছলমানৰ বাবে পৰিয়ালৰ সদস্যৰ দৰে আৰু পৰিয়ালটোৰ যিকোনো গুৰুত্বপূৰ্ণ অনুষ্ঠানত সদায় উপস্থিত থাকে ।

লগতে পঢ়ক :Asha Parekh on pathaan controversy:পাঠানত দীপিকাই পিন্ধা গেৰুৱা বিকিনি সন্দৰ্ভত মত দিলে আশা পাৰেখে

ABOUT THE AUTHOR

...view details