চিটাৰা ডেস্ক, 6 আগষ্ট: বলীউডৰ প্ৰখ্যাত কণ্ঠশিল্পী উদিত নাৰায়ণৰ পুত্ৰ আদিত্য নাৰায়ণ মনোৰঞ্জন ক্ষেত্ৰখনত এক সুপৰিচিত নাম । সৰু পৰ্দাৰ পৰা ডাঙৰ পৰ্দালৈকে আদিত্যই নিজৰ দক্ষতাৰ যাদু বিয়পাই থৈছে । শিশু শিল্পী হিচাপেই কেৰিয়াৰ আৰম্ভ কৰা আদিত্য নাৰায়ণে আজি ৩৫ বছৰ সম্পূৰ্ণ কৰিলে (Aditya Narayan Age) । 1987 চনৰ 6 আগষ্টত মুম্বাইত জন্মগ্ৰহণ কৰা আদিত্যই অলপতে লাভ কৰে পিতৃ হোৱাৰ গৌৰৱ ৷ আজি তাৰকা গৰাকীৰ জন্মদিন উপলক্ষে তেওঁৰ জীৱনৰ লগত জড়িত কিছু আমোদজনক তথ্য আপোনালোকৰ বাবে লৈ আহিছো ।
4 বছৰ বয়সতেই গাইছিল গীত
শিশু শিল্পী হিচাপে গান গোৱা আৰম্ভ কৰিছিল আদিত্য নাৰায়ণে । 1992 চনত আদিত্যই নেপালী চলচ্চিত্ৰ Mohiniৰ বাবে প্ৰথম গীত গাইছিল ৷ 1995 চনত তেওঁ পিতৃ উদিত নাৰায়ণৰ সৈতে ‘Akele Hum Akele Tum’ গীতটো গাইছিল আৰু আজিও মানুহে এই গীতটো শুনি ভাল পায় ।
100ৰো অধিক গীতত কণ্ঠদান কৰিছে আদিত্যই
শিশু শিল্পী হিচাপে কেৰিয়াৰ আৰম্ভ কৰা আদিত্য নাৰায়ণে ১০০ৰো অধিক গীতত কণ্ঠদান কৰিছে । কেৱল এয়াই নহয়, তেওঁৰ নামত এটা এলবামো মুকলি হৈছিল ৷ আদিত্যৰ কণ্ঠত ১৯৯৬ চনৰ Masoom ছবিখনৰ তেওঁৰ বিখ্যাত গীতটো,
छोटा बच्चा जान के ना कोई आँख दिखाना रे (टुपी टुपी टाप टाप)
अकल का कच्चा समझ के हमको ना समझाना रे (टुपी टुपी टाप टाप)...আজিও সকলোৰে মুখে মুখে থাকে । এই গীতটোৰ বাবে গায়ক গৰাকীয়ে শ্ৰেষ্ঠ শিশু কণ্ঠশিল্পীৰ সমালোচক বঁটা লাভ কৰিছিল । ইয়াৰ উপৰিও আদিত্য নাৰায়ণে ১৬টা ভাষাত কণ্ঠদান কৰিছে ।
ছবিৰ কথা ক’বলৈ গ’লে আদিত্য নাৰায়ণে এজন শিশু শিল্পী হিচাপে অভিনয় জীৱন আৰম্ভ কৰিছিল । জনা যায় যে ১৯৯৫ চনত সুভাষ ঘাইয়ে আদিত্যক লিটল ৱাণ্ডাৰছ নামৰ গ্ৰুপত অভিনয় কৰা দেখিছিল । ইয়াৰ পিছতে পৰিচালকজনে শ্বাহৰুখ খান আৰু মহিমা চৌধুৰীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰা তেওঁৰ ছবি ‘Pardes’ৰ বাবে তেওঁক চুক্তিবদ্ধ কৰে । ইয়াৰ পিছতে তেওঁ ‘Jab Pyaar Kisise Hota Hai’ ছবিতো অভিনয় কৰিছিল । অৱশ্যে ২০০৯ চনত মুক্তি পোৱা Shaapit ছবিখনত তেওঁ মুখ্য অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰিছিল । বিক্ৰম ভট্টৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ বাবে আদিত্যই কেৱল গীতেই গোৱা নাছিল বৰঞ্চ তেওঁ নিজেই লিখিছিলো ।
যদিও আদিত্যই গায়ক বা অভিনেতা হিচাপে বিশেষ একো খ্যাতি লাভ কৰা নাই, তথাপিও সৰু পৰ্দাত আয়োজক হিচাপে বহু নাম অৰ্জন কৰিছে । বহুকেইটা ৰিয়েলিটী শ্ব’ত আয়োজক হিচাপে কাম কৰিছে আদিত্য নাৰায়ণে । ইয়াৰ উপৰিও ষ্টাণ্ট ৰিয়েলিটী শ্ব’ khatron ke khiladi season 9 তো প্ৰতিযোগী হিচাপে দেখা গৈছিল তেওঁক । ব্যক্তিগত জীৱনৰ কথা ক’বলৈ গ’লে ১১ বছৰ সম্পৰ্কত থকাৰ পিছত ২০২০ চনত প্ৰেমিকা শ্বেতা আগৰৱালাৰ সৈতে বিবাহপাশত আবদ্ধ হয় (Aditya Narayan wife name) । বিবাহৰ দুবছৰৰ অন্তত শ্বেতা আগৰৱালাই প্ৰথমটি সন্তান জন্ম দিয়ে ।
লগতে পঢ়ক :Mithilesh Chaturvedi age:অচিন দেশলৈ গ’লগৈ অভিনেতা মিথিলেশ চতুৰ্বেদী