অসম

assam

By

Published : Oct 9, 2022, 9:53 PM IST

ETV Bharat / entertainment

Adipurush Ravan Controversy: পুনৰ বিতৰ্কৰ শীৰ্ষত আদিপুৰুষ! ছবিখনক লৈ কি ক'লে পৰিচালকে

২ অক্টোবৰত ৰাম নাগৰী অযোধ্যাত পৰিচালক ওম ৰাউতৰ দ্বাৰা পৰিচালিত ছবি আদিপুৰুষৰ টিজাৰ মুক্তি পোৱাৰ পাছৰে পৰা ছবিখনক লৈ তুমুল বিতৰ্কৰ মাজত সোমাই পৰিছে । VFX সন্দৰ্ভত ট্ৰ’লৰ পিছত ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা ছৈফ আলী খানো দৰ্শকৰ ট্ৰ'লৰ সন্মুখীন হৈছে । ইয়াৰ পিছতে ৰাৱণৰ চৰিত্ৰক লৈ এনেদৰে মন্তব্য কৰিলে পৰিচালক ওম ৰাউটে ৷

Adipurush Ravan Controversy: Director Om Raut defends Saif ali khan Ravan role
পুনৰ বিতৰ্কৰ শীৰ্ষত আদিপুৰুষ!

চিটাৰা ডেস্ক, 9 অক্টোবৰ:আগন্তুক হিন্দু পৌৰাণিক ছবি ‘আদিপুৰুষ’ অভিনীত প্ৰভাস, কৃতি সেনন আৰু ছৈফ আলী খানক লৈ বিতৰ্ক বৃদ্ধি পাইছে । ইয়াৰ পূৰ্বে ছবিখনৰ টিজাৰত দেখা পোৱা দুৰ্বল ভিএফএক্সৰ বাবে ছবিখনক খুবেই ট্ৰ’ল কৰা হৈছিল(Adipurush Controversy) । ইয়াৰ পিছতে মধ্যপ্ৰদেশৰ গৃহমন্ত্ৰী নৰোত্তম মিশ্ৰইও ভগৱান হনুমানক ‘চামৰাৰ পোছাক’ত চিত্ৰিত কৰাত আপত্তি দৰ্শায়(Bollywood latest news) ।

ইফালে, ছবিখনত ছৈফ আলী খানৰ ৰাভা ভূমিকাক লৈ ছ’চিয়েল মিডিয়াতো ট্ৰ’ল কৰা হৈছে(Adipurush Ravan Controversy) । এনে অৱস্থাত ছৈফৰ ৰাৱণ ভূমিকাক ৰক্ষা কৰি পৰিচালক ওম ৰাউটে এটা ডাঙৰ কথা কৈছে(Saif ali khan Ravan role in Adipurush) ।

পুনৰ বিতৰ্কৰ শীৰ্ষত আদিপুৰুষ!

ছৈফে ৰাৱণক চিত্ৰিত কৰাক লৈ ছবিখনৰ গধুৰ ট্ৰ’লৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পৰিচালকে এটা প্ৰশ্নৰ উত্তৰত কয় যে, ‘আজিৰ সময়ত আমাৰ ৰাৱণ আসুৰিক, তেওঁৱেই আমাৰ দেৱী সীতাক অপহৰণ কৰা নিষ্ঠুৰজন(Adipurush Director Om Raut) । এনে অৱস্থাত আমি বৰ্তমান সময়ত ৰাৱণ কেনেকুৱা দেখা যায় তাকেই ছবিখনৰ জৰিয়তে দেখুৱাই দিছো আৰু এয়া নিশ্চিতভাৱে আমাৰ বাবে কোনো চলচ্চিত্ৰ বা প্ৰজেক্ট নহয় ।

ছবিখনক সমগ্ৰ প্ৰডাকচন টিমৰ বাবে এক মিছন বুলি অভিহিত কৰি ৰাউতে লগতে কয় যে, আমাৰ ছবিখন আমাৰ ভক্তিৰ প্ৰতীক আৰু তাৰবাবে আমাক আশীৰ্বাদৰ প্ৰয়োজন(Om Raut defends Saif ali khan Ravan role) ।

পুনৰ বিতৰ্কৰ শীৰ্ষত আদিপুৰুষ!

তেওঁ লগতে কয় যে, যিয়েই ছবিখনৰ বিষয়ে কৈছে তেওঁ আমাৰ বয়োজ্যেষ্ঠ । মই সকলোৰে কথা শুনি আছো । এনে অৱস্থাত মই ক’ব বিচাৰিছো যে, ২০২৩ চনৰ জানুৱাৰী মাহত সকলো কথা মনত ৰাখি আপোনালোকে যেতিয়া চিনেমাখন চাব আৰু তেতিয়া আপোনালোকে ছবিখন চাই নিৰাশ নহয় । ছবিখনত প্ৰভাসে ভগৱান ৰাম আৰু কৃতিয়ে সীতাৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ২০২৩ চনৰ ১২ জানুৱাৰীত ছবিগৃহত মুক্তি পাব এই বিগ বাজেট ছবিখন ।

লগতে পঢ়ক:Prabhas Dating Kriti Sanon: দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভাসৰ প্ৰেমত পৰিছে কৃতি সেনন!

ABOUT THE AUTHOR

...view details