চিটাৰা ডেস্ক, ১৬ আগষ্ট:প্ৰভাস আৰু কৃতি সেননৰ অভিনীত ছবি ‘আদিপুৰুষ’ গোপনে এটা নহয় দুটা প্লেটফৰ্মত গভীৰ নিশা মুক্তি দিয়ে মেকাৰে ৷ এই ছবিখন মুক্তিৰ তথ্য পোহৰলৈ অহাৰ লগে লগে ছ’চিয়েল মিডিয়াত জুইৰ দৰে ভাইৰেল হৈ পৰে । ছবিগৃহত ছবিখনে ভাল ফলাফল দেখুৱাব নোৱাৰিলেও অ’টিটিত মুক্তি দিয়াৰ মাত্ৰ কেইদিনতে ছবিখনে এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ।
শীৰ্ষ ১০ খন চিনেমাৰ ভিতৰত ১ নম্বৰত আছে আদিপুৰুষ
ছবিখন একেলগে নেটফ্লিক্স আৰু আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি লাভ কৰিছিল । নেটফ্লিক্সত মুক্তি পোৱা ছবিৰ কথা ক’বলৈ গ’লে এই ছবিখন ভাৰতৰ শীৰ্ষ ১০ খন ছবিৰ তালিকাত ১ নম্বৰত আছে ।
শীৰ্ষ ১০ খন চিনেমাৰ তালিকা
নেটফ্লিক্সত এক নম্বৰত আছে ‘আদিপুৰুষ’, দ্বিতীয় স্থানত ‘হাৰ্ট অৱ ষ্টোন’, তৃতীয় স্থানত পদ্মিনী, চতুৰ্থ স্থানত ‘ৰংগাবলী’, পঞ্চম স্থানত ‘হোৱাইট মেন ৱাণ্ট’, ষষ্ঠ স্থানত ‘মামনন’, সপ্তম স্থানত ‘হিডেন ষ্ট্ৰাইক’, অষ্টম স্থানত আছে ‘লাষ্ট ষ্ট’ৰীজ ২’, নৱম স্থানত ‘অ’এমজি’ আৰু দশম স্থানত ‘ফাইটাৰ’। এনে পৰিস্থিতিত এই ছবিখন অ’টিটিত মুক্তি পোৱাৰ পিচত এক নম্বৰ স্থানত আছে । কিন্তু ছবিগৃহত ইয়াৰ দৃশ্য সম্পূৰ্ণ পৃথক আছিল ৷
দুটা প্লেটফৰ্মত মুক্তি আদিপুৰুষ
‘আদিপুৰুষ’ৰ নিৰ্মাতাসকলে এই ছবিখন একেলগে এটা নহয় দুটা ভিন্ন প্লেটফৰ্মত মুক্তি দিছিল । কিন্তু কি কাৰণে ছবিখন দুটা প্লেটফৰ্মত মুক্তি দিছে জানেনে বাৰু ? আচলতে দৰ্শকে আমাজন প্ৰাইম ভিডিঅ’ত দক্ষিণ ভাৰতীয় ভাষাত চাব পাৰিব । আনহাতে হিন্দীবাসীক দৰ্শকে নেটফ্লিক্সত হিন্দী ভাষাত এই ছবিখন চাব পাৰিব । এই মেগা বাজেট ছবিখনৰ বাজেট প্ৰায় ৫০০ কোটি । প্ৰভাসৰ উপৰিও এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে কৃতি সেননে । আনহাতে ছবিখন পৰিচালনা কৰিছে ওম ৰাউটে । এই ছবিখন ১৬ জুনত ছবিগৃহত মুক্তি পাইছিল ৷
লগতে পঢ়ক:Adipurush OTT Release: দুটা অ’টিটি প্লেটফৰ্মত মুক্তি আদিপুৰুষ, জানি লওক কোনটো প্লেটফৰ্মত কোনটো ভাষাত মুকলি হ’ল