চিটাৰা ডেস্ক, 8 জুন: অহা ১৬ জুনত মুক্তি পাব দক্ষিণ ছুপাৰষ্টাৰ প্ৰভাস আৰু বলীউডৰ পৰম সুন্দৰী অভিনেত্ৰী কৃতি সেননৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘আদিপুৰুষ’। আদিপুৰুষৰ মুক্তিক লৈ প্ৰভাসৰ অনুৰাগীৰ মাজত ব্যাপক উন্মাদনা সৃষ্টি হৈছে । এই উন্মাদনা দেখা গ’ল অলপতে তিৰুপতিত ছবিখনৰ প্ৰি-ৰিলিজ ইভেণ্টৰ সময়ত। আদিপুৰুষৰ সমগ্ৰ দলটোৱে অংশগ্ৰহণ কৰে এই ইভেন্টত ৷ প্ৰভাস-কৃতিয়ে আদিপুৰুষ ছবিখনৰ চূড়ান্ত ট্ৰেইলাৰ উন্মোচন কৰে তিৰুপতিত ।
শেহতীয়াকৈ আদিপুৰুষক লৈ অনুৰাগীৰ বাবে আহিছে এটা ভাল খবৰ । বিনামূলীয়া হ’ব আদিপুৰুষ ছবিখনৰ টিকট ৷ বিনামূলীয়াকৈ বিতৰণ কৰা হ’ব ছবিখনৰ টিকট (Adipurush Free Tickets)। হিন্দী, তামিল, তেলেগু, মালয়ালম আৰু কানাড়া ভাষাত মুক্তি পাব পান ইণ্ডিয়াৰ ছবি ‘আদিপুৰুষ’।
কেনেকৈ উপলব্ধ হ’ব এই বিনামূলীয়া টিকট ?
৫০০ কোটি টকাৰ বাজেটত নিৰ্মিত আদিপুৰুষ ছবিখনক ব্ৰেণ্ডিং কৰা হৈছে। এতিয়া এই ছবিখনৰ বিনামূলীয়া টিকট বিতৰণ কৰা হ’ব । উল্লেখ্য যে, দক্ষিণৰ ছবি দ্য কাশ্মীৰ ফাইলছ আৰু কাৰ্তিকেয়া-২ ৰ প্ৰযোজক অভিষেক আগৰৱালে সমগ্ৰ তেলেংগানাত আদিপুৰুষ ছবিৰ দহ হাজাৰ বিনামূলীয়া টিকট বিতৰণ কৰাৰ কথা ঘোষণা কৰিছে। এই টিকটসমূহ তেলেংগানাৰ চৰকাৰী বিদ্যালয়, অনাথ আশ্ৰম আৰু বৃদ্ধাশ্ৰমত বিতৰণ কৰা হ’ব । এই সন্দৰ্ভত প্ৰযোজকগৰাকীয়েও টুইট কৰিছে ।