চিটাৰা ডেস্ক, ১৬ জুন:প্ৰভাস আৰু কৃতি সেননৰ ছবি ‘আদিপুৰুষ’ৰ মুক্তিৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছিল অনুৰাগীসকলে । এতিয়া অনুৰাগীৰ এই অপেক্ষাৰ অন্ত পৰিল আৰু ছবিখন ১৬ জুনত অৰ্থাৎ আজি ছবিগৃহত মুক্তি পালে আদিপুৰুষ । ছবিখনক লৈ অনুৰাগীসকলৰ উন্মাদনা দেখা পোৱা গৈছে, সেয়াহে নিৰ্মাতাসকলেও আশা কৰিছে যে ছবিখনে বক্স অফিচত অভিলেখ ভংগ কৰিব ।
মুক্তি লাভ কৰিলে আদিপুৰুষ
শেহতীয়াকৈ চলচ্চিত্ৰ নিৰ্মাতাসকলে ঘোষণা কৰিছিল যে দেশৰ সকলো ছবিগৃহত ভগৱান হনুমানৰ বাবে এখন আসন সংৰক্ষিত কৰি ৰখা হ’ব । নিৰ্মাতাসকলে বিশ্বাস কৰে যে য’তেই ভগৱান ৰামৰ আগমন হয়, সেই স্থানত হনুমান জী নিশ্চিতভাৱে আবিৰ্ভাৱ হয় । এই বিশ্বাস অনুসৰণ কৰি নিৰ্মাতাসকলে থিয়েটাৰসমূহত ভগৱান হনুমানৰ বাবে এখন আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত লয় ।
ছবিগৃহত সজাই তোলা হ’ল ভগৱান হনুমানৰ বাবে আসন
ভগৱান হনুমানৰ আসনখন এতিয়া খালী হৈ নাথাকিব, কিয়নো সেই আসনত ভগৱান হনুমানৰ মূৰ্তি বা ছবি ৰখা হ’ব । ছবিখন মুক্তিৰ পূৰ্বে ছবিগৃহৰ স্বত্বাধিকাৰীসকলে ভগৱান হনুমানৰ এখন ছবি শ্বেয়াৰ কৰিছে, যিখন ছ’চিয়েল মিডিয়াত ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে ।