চিটাৰা ডেস্ক, 5 এপ্ৰিল: প্ৰভাস, কৃতি সেনন আৰু ছেইফ আলী খান অভিনীত আগন্তুক ছবি ‘আদিপুৰুষ’ৰ নাম তথা পোষ্টাৰ মুকলিৰ পিচৰে পৰা বিতৰ্কত সোমাই পৰে ছবিখন ৷ ছবিখনৰ ঘোষণাৰ পিচৰে ইটোৰ পিচত সিটো বিতৰ্কই আগুৰি ধৰে ছবিখনক ৷ শেহতীয়াকৈ ৰাম নৱমী উপলক্ষে পৰিচালক ওম ৰাউতে ছবিৰ নতুন পোষ্টাৰ উন্মোচন কৰে (Adipurush new poster released on Ram Navami)। এই পোষ্টাৰখনক লৈ আকৌ এবাৰ বিতৰ্কৰ সৃষ্টি হৈছে ৷ এইবাৰ আইনী মেৰপেচত সোমাই পৰিছে ছবিখন ৷ আদিপুৰুষৰ নতুন পোষ্টাৰক লৈ ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে ।
এনে পৰিস্থিতিত ‘আদিপুৰুষ’ৰ পৰিচালক ওম ৰাউত, প্ৰযোজক আৰু সমগ্ৰ তাৰকা অভিনেতা-অভিনেত্ৰীৰ বিৰুদ্ধেও মুম্বাই সাকিনাকা থানাত এজাহাৰ দাখিল কৰা হৈছে । পোষ্টাখন সন্দৰ্ভত এইবাৰ কি বিতৰ্ক হৈছে সেই বিষয়ে কোৱাৰ আগতে উল্লেখ কৰিব বিচাৰিছো যে এই ছবিখনত দক্ষিণৰ অভিনেতা প্ৰভাসে অভিনয় কৰিছে ৰামৰ চৰিত্ৰত, কৃতি সেননে সীতাৰ, ছানী সিং লক্ষ্মণৰ আৰু ছাইফ আলী খানে অভিনয় কৰিছে ৰাৱণৰ চৰিত্ৰত (Adipurush Poster controversy)।
কোনে দাখিল কৰিছে অভিযোগ ?
সঞ্জয় দিননাথ তিৱাৰী নামৰ এজন ব্যক্তিয়ে ছবি নিৰ্মাতাসকলৰ বিৰুদ্ধে এই অভিযোগ দাখিল কৰিছে । এই ব্যক্তিজনে নিজকে সনাতন ধৰ্মৰ প্ৰচাৰক বুলি অভিহিত কৰিছে । অভিযোগকাৰীয়ে বোম্বাই উচ্চ ন্যায়ালয়ৰ অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰৰ জৰিয়তে এই অভিযোগ দাখিল কৰিছে । ইচ্ছাকৃতভাৱে ছবি নিৰ্মাতাই পোষ্টাৰৰ জৰিয়তে সনাতন ধৰ্মক আঘাত সানিছে বুলি অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে (Adipurush controversy)।