চিটাৰা ডেস্ক, 24 জুন:দক্ষিণৰ ছুপাৰষ্টাৰ প্ৰভাস আৰু কৃতি সেননৰ অভিনীত আদিপুৰুষ ছবিখন ছবিগৃহত মুক্তিৰ পিচতে দেশজুৰি সৃ্ষ্টি হৈছে চাঞ্চল্যৰ ৷ ছবিখনক লৈ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ ৷ যাৰ ফলত বিশাল বাজেটত নিৰ্মিত ছবিখন অষ্টম দিনত ছবিগৃহত ধৰাশায়ী হোৱা পৰিলক্ষিত হৈছে ৷ মুক্তিৰ অষ্টম দিনত ছবিখনে সৰ্বনিম্ন ব্যৱসায় কৰিছে বক্স অফিচত । ওম ৰাউটৰ পৰিচালনাত ৰামায়ণৰ আধাৰত নিৰ্মিত ছবিখনে সম্প্ৰতি দৰ্শকক ছবিগৃহত আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে ।
ইণ্ডাষ্ট্ৰী ট্ৰেকাৰ ছাকনিলকৰ মতে, আদিপুৰুষে ভাৰতত অষ্টম দিনটোত সকলো ভাষাকে ধৰি বক্স অফিচত ৩.২৫ কোটি টকা সংগ্ৰহ কৰে ৷ আঠ দিনৰ শেষত আদিপুৰুষৰ মুঠ ঘৰুৱা সংগ্ৰহ প্ৰায় ২৬৩.১৫ কোটি টকা হয় । শুকুৰবাৰে হিন্দী ভাষাত ১১.২০ শতাংশ দখলৰ হাৰ যথেষ্ট হ্ৰাস পাইছে । কেৱল ইমানেই নহয়, ছবিগৃহত দৰ্শকৰ সংখ্যা কম হোৱাৰ বাবে বহু শ্ব’ ইতিমধ্যেই বাতিল কৰা বুলিও তথ্য পোৱা গৈছে ।