চিটাৰা ডেস্ক, 21 ছেপ্টেম্বৰ: মনোৰঞ্জন জগতৰ এটা নাম ৰাখী সাৱন্ত, যিটো নাম কিবা নহয়, কিবা কাৰণত চৰ্চাত থাকিবই ৷ বিতৰ্কৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ৰাখী সাৱন্তৰ নাম ৷ সম্প্ৰতি ৰাখী সাৱন্ত চৰ্চাত স্বামী আদিল খান দুৰাৰ্নীৰ লগত চলি থকা বিবাদৰ বাবে ৷ এতিয়া এই কাজিয়াত জপিয়াই পৰিছে অভিনেত্ৰী তনুশ্ৰী দত্ত ৷
তনুশ্ৰীয়ে ৰাখীৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ আদিল খানৰ সমৰ্থনত ওলাই আহিছে তনুশ্ৰী দত্ত ৷ ৰাখী সাৱন্তে মি টুৰ সময়ত তনুশ্ৰীৰ ভাৱমূৰ্তি কলংকিত কৰিবলৈ চেষ্টা কৰিছিল বুলি সেই কথাও প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে । তনুশ্ৰীয়ে ৰাখীক মনোৰোগী বুলি অভিহিত কৰি ৰাখীয়ে তেওঁক মানসিক পৰ্যায়তো বহুত অশান্তি দিছিল বুলি কয় । তনুশ্ৰীয়ে তেওঁৰ মুখখন নলাৰ দৰে বুলি অভিহিত কৰি ডাইনী বুলিও অভিহিত কৰিছে।
তনুশ্ৰী দত্তই পুৰণি গোচৰ খুচৰিছে যিবোৰৰ সৈতে জড়িত আছিল ৰাখীৰ নাম। অভিনেত্ৰীগৰাকীয়ে ৰাখী সাৱন্তৰ বিৰুদ্ধে যুঁজিব নোৱাৰা ভুক্তভোগীৰ কথা উল্লেখ কৰে আৰু কাজিয়া শেষ কৰাৰ সিদ্ধান্ত লয় । ইয়াৰ ভিতৰত ৰাখীৰ কাৰণে আত্মহত্যা কৰা দুজন ল’ৰাও আছে বুলি কয় অভিনেত্ৰীয়ে ।
তনুশ্ৰীয়ে কয়, "পুৰণি ভুক্তভোগীসকলে ৰাখীৰ মুখামুখি হ’ব বিচৰা নাছিল একেবাৰেই, তাই তেওঁলোকৰ বিষয়ে বহুত বেয়াকৈ কয় । দুটা গোচৰ আছে য’ত দুজন ল’ৰা আত্মহত্যা কৰি মৃত্যুবৰণ কৰিছিল আৰু ৰাখীৰ বিৰুদ্ধেও গোচৰ ৰুজু হৈছিল, তেওঁলোকক ৰাখীয়ে আত্মহত্যাত উচটনি দিয়াৰ অভিযোগ কৰিছিল । এই গোচৰটো ৪ বছৰ চলি থাকিল যদিও পিতৃ-মাতৃয়ে বেছি যুঁজ দিব নোৱাৰিলে গতিকে গোচৰটো মাজভাগত শেষ হ’ল ।’’