চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ:বলীউডৰ অভিনেত্ৰী স্বৰা ভাস্কৰে বৰ্তমান তেওঁৰ মাতৃত্ব উপভোগ কৰি আছে । এই বছৰ অভিনেত্ৰীগৰাকীয়ে জন্ম দিছে এটি মৰমলগা কন্যা সন্তান । সেয়েহে, ছবিজগতৰ পৰা আঁতৰি বৰ্তমান কন্যাৰ সৈতে সময় কটাইছে অভিনেত্ৰীগৰাকীয়ে ৷ কন্যাৰ সৈতে কটোৱা মুহূৰ্তবোৰ প্ৰায়েই অনুৰাগীৰ সৈতে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে স্বৰাই । সোমবাৰে স্বৰাৰ কন্যা ৰাবিয়াই প্ৰথমবাৰ উদযাপন কৰে বৰদিন । বৰদিন উদযাপনৰ ফটো ছ’চিয়েল মিডিয়াত অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে অভিনেত্ৰীগৰাকীয়ে ।
স্বৰা আৰু ফাহাদে কন্যা ৰাবিয়াৰ সৈতে উদযাপন কৰিলে প্ৰথম বৰদিন
স্বৰাই নিজৰ ইনষ্টাগ্ৰামত এটা অতি মৰমলগা ফটো পোষ্ট কৰিছে । এই ফটোখনত তেওঁৰ কণমানি কন্যা ৰাবিয়া আৰু তেওঁৰ স্বামী ফাহাদ আহমেদক তেওঁৰ সৈতে দেখা গৈছে । ফাহাদে কন্যাৰ লগত খেলি থকা দেখা গৈছে । আনহাতে, স্বৰাক কন্যাৰ ফালে চাই থকা দেখা গৈছে । এই সময়ছোৱাত ৰাবিয়াক বগা জাম্প ছুটৰ সৈতে ৰঙা মোজা পৰিধান কৰা দেখা গৈছিল । ইয়াৰ উপৰি মূৰত এটা মৰমলগা চান্তা কেপ পিন্ধাও পৰিলক্ষিত হয় । কিন্তু এই ফটোখনত ৰাবিয়াৰ মুখখন দেখুওৱা নাই দম্পতীয়ে ।