চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ছবিৰ উপৰিও প্ৰেম জীৱনৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনামত থাকে অভিনেত্ৰী শ্ৰুতি হাছান। দীৰ্ঘদিন ধৰি অসম সন্তান তথা শিল্পী শান্তনু হাজৰিকাৰ সৈতে সম্পৰ্কত আছে অভিনেত্ৰীগৰাকী । প্ৰায়ে দুয়োকে সকলো অনুষ্ঠান প্ৰতিষ্ঠানত একেলগে দেখা যায় । দুয়ো দীৰ্ঘদিন ধৰি লিভ ইন ৰিলেচনশ্বিপত আছে । অৱশ্যে এতিয়া খবৰ পোৱা গৈছে যে শ্ৰুতিয়ে গোপনে প্ৰেমিকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে । দৰাচলতে অলপতে অৰহান অৱত্ৰামান ওৰফে অৰীয়ে শান্তনুক অভিনেত্ৰীগৰাকীৰ স্বামী বুলি অভিহিত কৰিছে । তাৰ পিচতেই ছ’চিয়েল মিডিয়াত খবৰ বিয়পি পৰে যে দুয়ো গোপনে বিবাহপাশত আৱদ্ধ হৈছে ৷ কিন্তু কিমান দূৰ সঁচা এই খবৰ ? সবিশেষ জানো আহক এই প্ৰতিবেদনত ৷
অৰীয়ে সুধিছিল এইটো প্ৰশ্ন
আচলতে শেহতীয়াকৈ অৰীয়ে ইনষ্টাগ্ৰামত AskMe চেচন কৰিছিল । এই সময়ছোৱাত এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে অৰীক সুধিছিল, ‘‘আপোনাৰ সৈতে ফটো ক্লিক কৰাত এটিটিউড দেখুওৱা কোনো চেলিব্ৰিটি আছেনে ? নাম ল’ব নিবিচাৰে যদি মাত্ৰ এটা ইংগিত দিয়ক ।’’ অৱশ্যে কোনো সংকোচ নকৰাকৈয়ে অৰীয়ে এই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ দি শ্ৰুতি হাছানৰ নাম লয় ।
অৰীয়ে শান্তনুক ক’লে শ্ৰুতিৰ স্বামী