চিটাৰা ডেস্ক, ৮ জানুৱাৰী:‘Krishna Cottage’ খ্যাত অভিনেত্ৰী ঈশা কপ্পিকাৰ সন্দৰ্ভত শেহতীয়াকৈ এটা খবৰ পোৱা গৈছিল ৷ দৰাচলতে বিবাহৰ ১৪ বছৰ পাচত স্বামী টিমি নাৰঙৰ সৈতে ঈশা কপ্পিকাৰৰ বিবাহ বিচ্ছেদ হোৱা বুলি খবৰ পোৱা গৈছিল ৷ এতিয়া আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছে ঈশাৰ প্ৰাক্তন স্বামীয়ে । ৯ বছৰীয়া কন্যা ৰিয়ানাৰ সৈতে স্বামীৰ গৃহৰ পৰা অন্য স্থানলৈ শিফ্ট হৈছে অভিনেত্ৰীগৰাকী । শেহতীয়াকৈ টিমিয়ে এটা নিউজ পৰ্টেলত নিজৰ বিবাহ বিচ্ছেদ নিশ্চিত কৰিছিল ।
ঈশাৰ সৈতে বিবাহ বিচ্ছেদ নিশ্চিত কৰিছে টিমি নাৰঙে
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত ঈশা কপ্পিকাৰ প্ৰাক্তন স্বামী টিমিয়ে তেওঁলোকৰ বিবাহ বিচ্ছেদৰ বিষয়ে মুকলিকৈ কয় । দৰাচলতে তেওঁলোকে বিবাহ বিচ্ছেদৰ কথা ডেৰ বছৰ ধৰি চিন্তা-চৰ্চা কৰি আছিল । টিমিয়ে প্ৰকাশ কৰে যে, “যোৱা বছৰৰ নৱেম্বৰ মাহত বিবাহ বিচ্ছেদ মঞ্জুৰ কৰা হৈছিল আৰু সেয়া আছিল সৌহাৰ্দ্যপূৰ্ণ চৰ্তত । আমাৰ দুয়োগৰাকীয়ে এতিয়া আমাৰ জীৱনত আগবাঢ়ি যাবলৈ স্বাধীন, যিটো সত্য কথা । গতিকে, ইয়াক লৈ কোনো ধৰণৰ খেলিমেলি হ’ব নালাগে ।”