অসম

assam

ETV Bharat / entertainment

Dipika Kakar Son Face Reveal: প্ৰথমবাৰৰ বাবে পুত্ৰৰ মুখ দেখুৱালে দীপিকা কক্কৰ আৰু শ্বোৱেইব ইব্ৰাহিমে; চাওক ফটো - দীপিকা কক্কাৰ

সম্পূৰ্ণ হ’ল শ্বোৱেইব ইব্ৰাহিম আৰু দীপিকা কক্কৰৰ পৰিয়াল । তিনিমাহ পূৰ্বে ৰুহানৰ পিতৃ-মাতৃ হৈছিল শ্বোৱেইব ইব্ৰাহিম আৰু দীপিকা কক্কাৰ । লগতে এতিয়া দুয়োগৰাকীয়ে ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰিছে পুত্ৰৰ মুখ,।

Actress Dipika Kakar and Shoaib Ibrahim reveal their son Ruhaan's face
দীপিকাৰ পুত্ৰৰ মুখ প্ৰকাশ

By ETV Bharat Assamese Team

Published : Sep 22, 2023, 1:19 PM IST

চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ: ৩ মাহ পূৰ্বে শ্বোৱেইব ইব্ৰাহিম আৰু দীপিকা কক্কৰ এটি পুত্ৰ সন্তানৰ পিতৃ-মাতৃ হৈছিল ৷ পুত্ৰৰ নাম ৰাখিছিল ৰুহান । বিবাহৰ ৫ বছৰ পিচত দুয়োৰে মাজলৈ আহিছে ৰুহান ৷ ৰুহানৰ আগমনৰ লগে লগে সম্পূৰ্ণ হৈছে শ্বোৱেইব ইব্ৰাহিম আৰু দীপিকা কক্কৰৰ পৰিয়াল । অৱশ্যে পূৰ্বে পুত্ৰৰ ফটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা নাছিল এই দম্পতীয়ে ৷ যাৰ বাবে দীৰ্ঘদিন ধৰি দীপিকা আৰু শ্বোৱেইবৰ অনুৰাগীয়ে তেওঁলোকৰ নৱজাত সন্তানৰ ছবি শ্বেয়াৰ কৰিবলৈ অপেক্ষা কৰি আছিল । কিন্তু এতিয়া অন্ত পৰিছে অনুৰাগীৰ অপেক্ষাৰ, অৱশেষত এই দম্পতীয়ে বিশ্ববাসীৰ সৈতে চিনাকি কৰাই দিছে ৰুহানক ৷ পুত্ৰৰ সৈতে এখন ফটো শ্বেয়াৰ কৰিছে এই দম্পতীয়ে ।

দীপিকা কক্কৰ আৰু শ্বোৱেইব ইব্ৰাহিমে তেওঁলোকৰ নতুন vlog ত ৰুহানৰ মুখ প্ৰকাশ কৰিছে

বৃহস্পতিবাৰে শ্বোৱেইব ইব্ৰাহিমে ফটোশ্বেয়াৰিং এপত এটা vlog আৰু এখন ছবি শ্বেয়াৰ কৰিছিল, য’ত তেওঁৰ সন্তানৰ মুখখন দেখা গৈছিল । আজি ৰুহানে তিনিমাহ সম্পূৰ্ণ কৰিলে আৰু ইমানদিনে বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ মতে স্বামী-স্ত্ৰীয়ে ৰুহানৰ ছবি নিজৰ vlog ত বা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰাৰ পৰা বিৰত থাকিছিল । কিন্তু এতিয়া শ্বোৱেইব আৰু দীপিকাৰ অনুৰাগীয়ে অৱশেষত ৰুহানৰ মুখখন দেখিবলৈ পালে ।

দীপিকাৰ পুত্ৰৰ মুখ প্ৰকাশ

দেখাত কাৰ দৰে হৈছে ৰুহান ?

ৰুহানৰ মুখৰ গঢ়ৰ কথা ক’বলৈ গ’লে দীপিকা কক্কৰ আৰু শ্বোৱেইব দুয়োগৰাকীৰ সৈতে মিল আছে । বহু অনুৰাগীৰ মতে ৰুহানৰ চকু দুটা মাতৃৰ দৰে ধুনীয়া হৈছে । শ্বোৱেইব আৰু দীপিকাই বহুদিনৰ পৰা ৰুহানৰ মুখখন দেখুওৱা বিচাৰিছিল যদিও বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শক সন্মান জনাই ইয়াক কৰাৰ পৰা বিৰত আছিল । গোটেই পৰিয়ালটোৱে Vlog আৰু ফেচ ৰিভিলৰ বাবে এক গোট হয় ৷ ২১ ছেপ্টেম্বৰত ৰুহানে ৩ মাহ সম্পূৰ্ণ কৰা বাবে কেক কাটি উদযাপন কৰে পৰিয়ালটোৱে ।

পোষ্টটো শ্বেয়াৰ কৰি এই দম্পতীয়ে কেপচনত লিখিছে, "আমাৰ 'ৰুহান'ক নিজৰ প্ৰাৰ্থনাত ৰাখিব । Vlog মোৰ ইউটিউব চেনেলত লাইভ হৈ আছে ।"

Shoaib Ibrahim vlog ত deets শ্বেয়াৰ কৰিছে

শ্বোয়াইব ইব্ৰাহিমে কয় যে ৰুহানৰো চুন্নত কাম সম্পন্ন কৰা হৈছিল আৰু সি পুনৰ নিজৰ স্বাভাৱিক, চঞ্চল স্বৰূপলৈ ঘূৰি আহিছে । ৰুহানে কেমেৰাটোক লৈ বৰ উৎফুল্লিত আৰু যেতিয়াই কোনোবাই তেওঁৰ ভিডিঅ’ বনাই তেতিয়াই সি লৰচৰ বা দুষ্টামি কৰে ৷ পুত্ৰৰ সৈতে সুখী দেখা গ’ল দীপিকা আৰু শ্বোৱেইবক ।

লগতে পঢ়ক:Disha Parmar Delivery: মাতৃ হ’ল টিভি অভিনেত্ৰী দিশা পাৰমাৰ, গণেশ চতুৰ্থীৰ দিনা ঘৰলৈ আগমন ঘটিল লক্ষ্মীৰ

ABOUT THE AUTHOR

...view details