চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ:দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ ছুপাৰষ্টাৰ ৰজনীকান্ত তেওঁৰ ছবিৰ বাবে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনামাত থাকে । অভিনেতাগৰাকীৰ সৈতে জড়িত সকলো কথা জানিব বিচাৰে অনুৰাগীয়ে । অৱশ্যে এইবাৰ চৰ্চাত আহিছে ৰজনীকান্তৰ পত্নী লতা ৰজনীকান্ত । তামিল ছবি ‘কোচাদায়া’ৰ সৈতে জড়িত জালিয়াতিৰ গোচৰটো ইতিমধ্যে বাতিল কৰিছিল কৰ্ণাটক উচ্চ ন্যায়ালয়ে ৷ কিন্তু যোৱা অক্টোবৰ মাহত উচ্চতম ন্যায়ালয়ে এই গোচৰটো পুনৰ প্ৰৱৰ্তন কৰিছিল । অৱশ্যে লতা ৰজনীকান্তৰ বিৰুদ্ধে উত্থাপিত অভিযোগ তেওঁ স্পষ্টভাৱে অস্বীকাৰ কৰিছে । এই ঘটনাৰ আঁৰৰ গোটেই কাহিনীটো জানো আহক ৷
লতাই নাকচ কৰিলে এই অভিযোগ
লতাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰি লতাই কয়, ‘‘মোৰ বাবে এয়া এজন জনপ্ৰিয় ব্যক্তিক অপমান, হাৰাশাস্তি আৰু শোষণৰ গোচৰ । চেলিব্ৰিটি হোৱাৰ বাবে বহু সময়ত আমি কিছু হাৰাশাস্তিৰ সন্মুখীন হ’ব লাগে । কথাটো ডাঙৰ নহ’বও পাৰে, কিন্তু বাৰে বাৰে সংবাদ মাধ্যমত অহাৰ লগে লগে খবৰটো এনেই ডাঙৰ হৈ পৰে । কোনো ধৰণৰ প্ৰৱঞ্চনা হোৱা নাই । এইটো আছিল মাথোঁ আমাৰ ভাবমূৰ্তি কলংকিত কৰিবলৈ ৰচনা কৰা ষড়যন্ত্ৰ, যাৰ পৰা মই মুক্তি পাইছো ।’’
২০১৫ চনৰ পৰাই এই গোচৰ চলি আছিল