অসম

assam

ETV Bharat / entertainment

Pawan Kalyan: লোকসভা নিৰ্বাচনৰ পূৰ্বে এন ডি এ ত্যাগ কৰিলে দক্ষিণৰ এইগৰাকী ছুপাৰষ্টাৰে

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এন ডি এ ত্যাগ কৰিলে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যাণে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 2:51 PM IST

Actor, Politician Pawan Kalyan exits NDA to support Chandrababu Naidu
বিজেপি ত্যাগ কৰিলে পৱন কল্যাণ

চিটাৰা ডেস্ক, 5 অক্টোবৰ:2024 চনত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন ৷ ইয়াৰ বাবে এতিয়াৰে পৰাই সাজু হৈছে প্ৰতিটো ৰাজনৈতিক দল ৷ শাসকীয়ৰ পৰা বিৰোধীলৈকে সকলোৱে চলাইছে জোৰদাৰ প্ৰস্তুতি ৷ কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে শাসকীয় দলে লাভ কৰিছে মোক্ষম আঘাত ৷ দক্ষিণৰ পৰা বিজেপিয়ে লাভ কৰিছে বৃহৎ আঘাত ৷ দৰাচলতে দক্ষিণৰ ছুপাৰষ্টাৰ পৱন কল্যানে এন ডি এৰ পৰা নিজকে আঁতৰাই ৰাখিছে । 2024 চনৰ লোকসভা নিৰ্বাচনলৈ মাত্ৰ 7 মাহ বাকী থকা অৱস্থাতে বিজেপিক বাই-বাই দিছে দক্ষিণ ছুপাৰষ্টাৰগৰাকীয়ে ।

পৱন কল্যানে এন ডি এ ত্যাগ কৰা আঁৰৰ কাৰণ কি ?

পৱন কল্যানে এন ডি এ ত্যাগ কৰাৰ আঁৰৰ কাৰণ অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক সমৰ্থন কৰা । আগন্তুক নিৰ্বাচনৰ বাবে জনসেনা দলে অৰ্থাৎ পৱন কল্যানৰ দলে চন্দ্ৰবাবুৰ টিডিপি (তেলেগু দেশম পাৰ্টি)ক সমৰ্থন কৰিব ।

শেহতীয়াকৈ কৃষ্ণ জিলাৰ পেডানাত এখন ৰাজহুৱা সভাত ভাষণ দি অভিনেতাগৰাকীয়ে কয়, টিডিপি এটা শক্তিশালী দল আৰু অন্ধ্ৰপ্ৰদেশত সুশাসনৰ বাবে টিডিপি থকাটো অতি গুৰুত্বপূৰ্ণ ৷ টিডিপিয়ে বহুত সংগ্ৰাম কৰি আছে আৰু আমি ইয়াক সমৰ্থন কৰিম, এই সময়ত টিডিপি জনসেনাৰ প্ৰয়োজন, যদি টিডিপি আৰু জনসেনাই হাত মিলাই তেন্তে ৰাজ্যৰ পৰা YSRCP ক মচি পেলাব পৰা যাব ।

উল্লেখযোগ্য যে, ১৪ ছেপ্টেম্বৰত পৱন কল্যাণ ৰাজামুন্দ্ৰী কেন্দ্ৰীয় কাৰাগাৰত প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুক সাক্ষাৎ কৰিবলৈ গৈছিল, য’ত তেওঁক দক্ষতা বিকাশৰ গোচৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে জনসেনা দল হৈছে পৱন কল্যাণৰ দল ৷

কেতিয়া বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল পৱন কল্যানে ?

উল্লেখ্য যে, ২০২০ চনৰ ১৬ জানুৱাৰীত বিজেপিৰ সৈতে মিত্ৰতা কৰিছিল পৱন কল্যানৰ জনসেনা দলে ৷ পৱন কল্যাণ দিল্লীলৈ গৈ এন ডি এৰ এখন বৈঠকত অংশ লৈছিল । বৈঠকৰ অন্তত পৱন কল্যানে কৈছিল যে তেওঁৰ দলে প্ৰধানমন্ত্ৰী মোদীৰ দৃষ্টিভংগীক সমৰ্থন কৰিব ।

ইফালে অভিনেতাগৰাকীয়ে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ YSRCP (ৱাই এছ জগান মোহন ৰেড্ডী)ৰ বিৰুদ্ধে যুঁজিবলৈ টি ডি পি আৰু বিজেপিৰ সৈতে মিত্ৰতাৰ প্ৰস্তাৱ দিছিল যদিও এই সন্দৰ্ভত এন ডি এৰ পৰা কোনো সঁহাৰি পোৱা নাছিল ৷ এতিয়া অভিনেতাজনে নিজেই এন ডি এৰ পৰা আঁতৰি অহাৰ সিদ্ধান্ত লৈছে ৷

লগতে পঢ়ক:Arijit-Salman: অৰিজিতক ক্ষমা কৰিলে নেকি ছলমানে ? ছলমানৰ টাইগাৰ 3 ত থাকিব নেকি অৰিজিতৰ গীত ?

ABOUT THE AUTHOR

...view details