চিটাৰা ডেস্ক, 4 আগষ্ট :দীৰ্ঘদিন ধৰি হাৰ্ট এটেকত আক্ৰান্ত হৈ থকা অভিনেতা মিথিলেশ চতুৰ্বেদীয়ে যোৱা নিশা লক্ষ্ণৌত শেষ নিশ্বাস ত্যাগ কৰে ৷ চিকিৎসাৰ বাবে তেওঁক গৃহ চহৰলৈ অনা হৈছিল । কিন্তু, জীৱনৰ যুঁজত পৰাজিত হয় অভিনেতাজন ৷
জোঁৱায়েক আশীষ চতুৰ্বেদীয়ে ছ’চিয়েল মিডিয়াত তেওঁৰ মৃত্যুৰ খবৰটো শ্বেয়াৰ কৰে ৷ তেওঁৰ মৃত্যুত চলচ্চিত্ৰ জগতত শোকৰ ঢৌৰ বৈছে (Mithilesh Chaturvedi news)।
অচিন দেশলৈ গ’লগৈ অভিনেতা মিথিলেশ চতুৰ্বেদী মিথিলেশ চতুৰ্বেদীয়ে নিজৰ কেৰিয়াৰত কেইবাখনো সফল বলীউড ছবিত কাম কৰিছে । ছানী দেউলৰ ‘গদৰ: এ লাভ ষ্ট’ৰী’, মনোজ বাজপেয়ীৰ ‘সত্য’, শ্বাহৰুখ খানৰ ‘অশোকা’, ‘তাল’, ‘বুন্টি ঔৰ বাবলী’, ‘কৃষ’ আৰু ‘ৰেডি’ ছবিত তেওঁ সুন্দ অভিনয় কৰিছে । হৃত্বিক অভিনীত ‘কই মিল গয়া’ ছবিখনত তেওঁৰ অভিনয়ৰ বহু শলাগ লোৱা হৈছিল । এই ছবিখনত তেওঁ হৃত্বিক ৰোশনৰ কম্পিউটা বিষয়টোৰ শিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছিল ।
বলীউডৰ ছবিৰ সমান্তৰালকৈ মিথিলেশে থিয়েটাৰতো কাম কৰিছে । থিয়েটাৰলৈও তেওঁৰ অৱদানৰ শলাগ ল’বলগীয়া । এইগৰাকী মহান শিল্পীৰ মৃত্য়ুত মৰ্মাহত পৰিয়ালৰ লগতে চলচ্চিত্ৰ জগত ।
লগতে পঢ়ক :Rasik Dave passed away: বৃক্ক বিকল হৈ মৃত্যু টিভি অভিনেতা ৰসিক ডেভৰ