চিটাৰা ডেস্ক, 20 মাৰ্চ: অভিনেতা তথা পৰিচালক দীপক তিজোৰীয়ে প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে মুম্বাইৰ আম্বলি থানাত ৰুজু কৰিছে গোচৰ (Deepak Tijori filed case against Mohan Gopal Nadar) ৷ দীপক তিজোৰীয়ে প্ৰযোজক মোহন গোপাল নাদৰৰ বিৰুদ্ধে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে । অভিনেতাগৰাকীয়ে এফআইআৰত উল্লেখ কৰে যে তেওঁক মোহন গোপালে ২.৬ কোটি টকা প্ৰৱঞ্চনা কৰিছিল । অভিনেতাগৰাকীয়ে ১৫ মাৰ্চত দাখিল কৰে এই এফ আই আৰ (Deepak Tijori files complaint) ।
মুম্বাই আৰক্ষীয়ে ইতিমধ্যে আই পি চিৰ ৪২০ (Cheating and dishonesty inducing delivery of property) আৰু ৪০৬ (Criminal breach of trust) ধাৰাত নাদৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে ৷ অভিনেতাগৰাকীয়ে কয় যে নাদৰে তেওঁৰ সৈতে যোগ দি ‘টিপ্প্চি’ (Tipppsy) নামৰ এখন থ্ৰিলাৰ ছবিৰ সহ-প্ৰযোজনা কৰিছিল, যিখন ছবি পৰিচালনা কৰিব দীপকে । দীপকে আৰক্ষীক জনোৱা মতে, ২০১৯ চনত লণ্ডনত ছবিখনৰ দৃশ্যগ্ৰহণৰ কথা আছিল । সেই কথা মনত ৰাখি দীপকে নাদৰক ২ কোটি ৬০ লাখ টকাৰ দায়িত্ব অৰ্পণ কৰিছিল ।
কিন্তু দীপকে দাবী কৰে যে ছবিখন সময়মতে সম্পূৰ্ণ হোৱা নাছিল । ছবিখন সময়মতে সম্পূৰ্ণ নোহোৱাৰ বাবেই বহুবাৰ টকাখিনি নাদৰৰ পৰা ঘূৰাই বিচাৰিছিল অভিনেতা দীপকে ৷ কিন্তু নাদৰে বিভিন্ন অজুহাত দেখুৱাই দীপকৰ টকাখিনি উভতাই দিয়া নাছিল ৷ তদুপৰি দীপকে নিজৰ এফআইআৰত দাবী কৰিছিল যে নাদৰে দিয়া চেকবোৰ বাউন্সিং হৈয়েই থাকে। সেয়াহে, দীপকে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ সিদ্ধান্ত ল’লে । এজাহাৰৰ পিচতেই আম্বলিৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ দিয়ে । এই পৰ্যন্ত নাদৰক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে ।