চিটাৰা ডেস্ক, 25 অক্টোবৰ:প্ৰায়ে বাতৰিৰ শিৰোনামত থকা উত্তৰ প্ৰদেশৰ কেডাৰৰ প্ৰাক্তন আই এ এছ অভিষেক সিং আকৌ এবাৰ চৰ্চালৈ আহিছে । দৰাচলতে প্ৰাক্তন আই এ এছ অভিষেক সিঙক অতি সোনকালে অভিনেত্ৰী ছানী লিয়নীৰ সৈতে কাম কৰা দেখা যাব । অৱশ্যে অভিষেকক অভিনয়ত দেখা পোৱা নাযাব বৰঞ্চ ৰেপ হে কৰা দেখা যাব । তেওঁৰ এই অনন্য শৈলী প্ৰথমবাৰৰ বাবে দেখা যাব । ইয়াৰ পূৰ্বে তেওঁ বহু গীত আৰু ৱেব ছিৰিজত অভিনয়ৰ দক্ষতা দেখুৱাইছিল যদিও তেওঁৰ ৰেপৰ ক’লা প্ৰথমবাৰৰ বাবে দেখা যাব আৰু তেওঁ নিজেই অনুৰাগীৰ সৈতে এই তথ্য শ্বেয়াৰ কৰিছে ।
ছানি লিয়নীৰ সৈতে ৰেপ কৰিব অভিষেকে
অভিষেক সিঙে নিজৰ এক্স একাউণ্টত ছানী লিয়নীৰ সৈতে তেওঁৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে তেওঁৰ আগন্তুক প্ৰজেক্টৰ বিষয়েও অনুৰাগীক তেওঁৰ পোষ্টৰ জৰিয়তে অৱগত কৰে । অভিষেকে লিখিছে, ‘‘জৌনপুৰৰ সকলো ভাই-ভনী-বন্ধুসকল, কি যে শুভ দিন ! আমি মাত্ৰ আমাৰ প্ৰথম ৰেপ গীতটোৰ ভিডিঅ' শ্বুট সম্পূৰ্ণ কৰিলোঁ, যিটো গীত মই নিজেই গাইছো ৷ মেৰী পাৰ্টি মে কই থাৰ্ড পাৰ্টি নাহি'। ছানীৰ উপস্থিতিয়ে ভিডিঅ’টোত গ্লেমাৰ আৰু জীৱন সংযোজন কৰিছে । মোৰ বিশ্বাস আপোনালোকে ভাল পাব গীতটি । মোৰ প্ৰিয় বন্ধু আৰু সহ অভিনেতা ছানি লিয়নী । নৱৰাত্ৰি আৰু দশেৰাৰ বাবে সকলোলৈ শুভেচ্ছা ! সকলোকে সোনকালে দেখা পাম ।’’
আদা শৰ্মাৰ সৈতে ভিডিঅ’ ভাইৰেল হৈছিল অভিষেকৰ
উল্লেখ্য যে, চলিত মাহৰ ২১ অক্টোবৰত অভিষেক সিঙৰ আন এটা মিউজিক ভিডিঅ’ মুক্তি লাভ কৰিছিল । সেই ভিডিঅ’টোত অভিষেকৰ সৈতে দেখা গৈছিল ‘দ্য কেৰালা ষ্ট’ৰী’ৰ অভিনেত্ৰী আদা শৰ্মাক । আদা শৰ্মাইও নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত ইয়াৰ ভিডিঅ’ শ্বেয়াৰ কৰিছিল, য’ত অভিষেক বহি থকা ৰিক্সাখন চলাই থকা দেখা গৈছিল অভিনেত্ৰীগৰাকীক । তেওঁৰ এই ভিডিঅ’টো যথেষ্ট ভাইৰেল হৈ পৰিছিল । ইয়াৰ পূৰ্বে অভিষেকে জৌনপুৰত গণেশ উৎসৱৰ আয়োজন কৰিছিল, য’ত বলীউডৰ বহু তাৰকা উপস্থিত হৈছিল । ইয়াৰ ভিতৰত আছিল সুনীল শ্বেট্টী আৰু হানি সিঙো ।