চিটাৰা ডেস্ক, 18 নৱেম্বৰ : ৰোমান্টিক মিউজিকেল হিট ছবি আশিকীয়ে 32 বছৰ সম্পূৰ্ণ কৰাৰ লগে লগে পৰিচালক দীপক টিজোৰী, মুখ্য অভিনেতা ৰাহুল ৰয় আৰু অনু আগৰৱাল আৰু গায়ক কুমাৰ ছানুৱে ইণ্ডিয়ান আইডল 13 ৰ ছেটত বিশেষ খণ্ডত দিনটো উদযাপন কৰে ৷ এই বিশেষ খণ্ডটোৰ বিষয়বস্তু আছিল ছবিখনৰ সফলতা উদযাপন । ইণ্ডিয়ান আইডল 13 ৰ আশিকীৰ বিশেষ খণ্ডটোৱে অৱশ্যে অনু আগৰৱালক তিক্ত অভিজ্ঞতাৰ সন্মুখীন কৰায় ।
এই খণ্ডটোত অনুৰ কথা অতি কমকৈ দেখুওৱা হ’ল । তেওঁ দৰ্শকৰ বাবে বহু কথা কৈছিল, যিবোৰ কাটি পেলোৱা হৈছিল আৰু চ'নীত প্ৰচাৰিত চূড়ান্ত খণ্ডটোত এইবোৰ প্ৰচাৰ হোৱা নাছিল । নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি অভিনেত্ৰী গৰাকীয়ে এটা ৱেবলয়ডৰ সৈতে হোৱা কথা-বতৰাৰ সময়ত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
প্ৰাক্তন চুপাৰমডেলগৰাকীয়ে আচৰিত ধৰণে প্ৰকাশ কৰে যে শ্ব’টোৰ নিৰ্মাতাসকলে তেওঁৰ বেছিভাগ ফুটেজ সম্পাদনা কৰিছিল । "মই ৰাহুল ৰয়ৰ ঠিক কাষতে বহি আছিলো আৰু তেওঁলোকে মোক ফ্ৰেমৰ পৰা কাটি উলিয়াই দিলে । সুখৰ কথা, মই এগৰাকী সন্যাসী । মোৰ কোনো অহংকাৰ নাই । ই মোক দুঃখিত কৰে । মই যুৱ প্ৰতিভাশালী গায়কসকলক লগ পাইছিলো আৰু যথেষ্ট কথা পাতিছিলো ৷ কিন্তু টেলিকাষ্টত ইয়াৰ এটা শব্দও দেখুওৱা হোৱা নাছিল । মই এই বিষয় এৰি দিছিলো । মই চ’নী, সম্পাদক বা অইন কাকো দোষাৰোপ কৰিব নিবিচাৰো"- অনুৱে কয় ।