চিটাৰা ডেস্ক, 31 অক্টোবৰ : চুপাৰষ্টাৰ আমীৰ খানৰ মাতৃ জিনাত হুছেইন অলপতে হৃদৰোগত আক্ৰান্ত হৈছিল । এক সূত্ৰ অনুসৰি, অভিনেতাজনৰ মাতৃ বৰ্তমান মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । আমীৰৰ ঘনিষ্ঠ সূত্ৰটোৱে এইটোও জনাইছে যে দেৱালীৰ সময়ত অভিনেতাজনৰ মাতৃ হৃদৰোগত আক্ৰান্ত হৈছিল ।
মাকৰ হাৰ্ট এটেক অহাৰ সময়ত আমীৰ তেওঁলোকৰ পঞ্চগণি বাসগৃহত মাকৰ সৈতেই আছিল ৷ লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় । জুন মাহত আমীৰে গোটেই পৰিয়ালটোৰ সৈতে মাকৰ জন্মদিন উদযাপন কৰিছিল । উদযাপনৰ ছবি আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছিল য’ত আমীৰৰ মাতৃয়ে তেওঁৰ বাসগৃহত জন্মদিনৰ কেক কাটি থকা দেখা গৈছিল । আমীৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাও আৰু তেওঁলোকৰ পুত্ৰ আজাদো এই উদযাপনত উপস্থিত আছিল ।
পেছাদাৰী ফ্ৰণ্টত আমীৰক দেখা গৈছিল কৰীণা কাপুৰ খানৰ সৈতে লাল সিং চড্ডা ছবিখনত । ছবিখনে দৰ্শকক আপ্লুত কৰিলে যদিও বক্স অফিচত প্ৰদৰ্শন ভাল কৰিব নোৱাৰিলে । মুক্তিৰ সময়ত ছবিখন বহু বিতৰ্কৰ মাজত ছবিগৃহলৈ আহে । একাংশ টুইটাৰ ব্যৱহাৰকাৰীয়ে আমীৰৰ বিতৰ্কিত "ভাৰতৰ ক্ৰমবৰ্ধমান অসহিষ্ণুতা বিবৃতি" খুচৰি উলিয়াই মাইক্ৰ' ব্লগিং চাইটত প্ৰচাৰ কৰিছিল । দৰাচলতে 2015 চনত আমীৰে এক সাক্ষাৎকাৰত কৈছিল, আমাৰ দেশখন অতি সহনশীল, কিন্তু কু-ইচ্ছা বিয়পোৱা মানুহ বহুত আছে । তেওঁলোকৰ সন্তানৰ সুৰক্ষাৰ বাবে দেশ এৰি যোৱাৰ কথা চিন্তা কৰা বুলিও তেওঁৰ পত্নী কিৰণ ৰাওৱে শিৰোনাম দখল কৰিছিল ।