চিটাৰা ডেস্ক, ২৯ আগষ্ট: আমিৰ খানৰ শেষৰখন ছবি আছিল লাল সিং চাড্ডা ৷ অৱশ্যে এই ছবিখন বক্স অফিচত বৰ বেয়াকৈ ধৰাশায়ী হৈছিল ৷ যাৰ পিচত আমিৰ খানে ছবিজগতৰ পৰা কিছুসময়ৰ বাবে বিৰতি লৈছিল আৰু পৰিয়ালৰ সৈতে সময়ত অতিবাহিত কৰি আছিল ৷ এতিয়া কিছুদিনৰ বিৰতিৰ অন্তত মিষ্টাৰ পাৰ্ফেকচনিষ্ট পুনৰ উভতি আহিব ছবিজগতত ৷ ঘোষণা হ’ল আমিৰৰ পৰৱৰ্তী নতুন ছবি ৷ ইয়াৰ উপৰিও ছবিখনৰ মুক্তিৰ তাৰিখো প্ৰকাশ পাইছে ৷ আমিৰ খানৰ প্ৰডাকচনত নিৰ্মাণ হ’বলগীয়া এই ছবিখনৰ নাম এতিয়ালৈ প্ৰকাশ হোৱা নাই। শেহতীয়াকৈ এটা ৰিপৰ্টত কোৱা হৈছিল যে আমিৰ খানে জনপ্ৰিয় অধিবক্তা উজ্জ্বল নিকামৰ বায়’পিকত অভিনয় কৰিব ৷ কিন্তু এই ক্ষেত্ৰত আমিৰ খানে কোনো অফিচিয়েল মন্তব্য দিয়া নাছিল ৷
আজি ফিল্ম ট্ৰেড বিশ্লেষক তৰণ আদৰ্শে তেওঁৰ এটা টুইটত দাবী কৰিছে যে আমিৰৰ পৰৱৰ্তী ছবিখন তেওঁৰ নিজা প্ৰডাকচন হাউছে নিৰ্মাণ কৰিব। এইখন তেওঁৰ প্ৰডাকচনৰ ১৬ সংখ্যক ছবি হ’ব । এই ছবিখনৰ প্ৰি-প্ৰডাকচনৰ কাম ইতিমধ্যেই আৰম্ভ হৈছে। ইয়াৰ শ্বুটিঙো ২০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব বুলি কোৱা হৈছে। অৱশ্যে ছবিখনৰ নাম কি হ’ব, পৰিচালক কোন হ’ব, আন কোন অভিনেতা এই ছবিখনৰ অংশ হ’ব ? এই প্ৰশ্নবোৰৰ উত্তৰ এই মুহূৰ্তলৈকে প্ৰকাশ পোৱা নাই।
কেতিয়া মুক্তি পাব ছবিখন ?