অসম

assam

ETV Bharat / entertainment

এখন প্ৰি-ৱেডিং ফটোৰ বাবেই ট্ৰ’ল হ’ল আইৰা খান - Ira Khan troll for cigarette photo

Ira Khan Troll for pre wedding photo: আমিৰ খানৰ কন্যা আইৰা খানৰ বিবাহ সন্দৰ্ভত বিগত কিছুদিন ধৰি চৰ্চা চলি আছিল । আইৰাৰ বিয়া আৰু অনুষ্ঠানৰ বহু ফটো প্ৰকাশ পাইছে ছ’চিয়েল মিডিয়াত । ইফালে এতিয়া এখন ফটোৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ব্যাপকভাৱে ট্ৰ’ল কৰিছে আইৰাক ।

Aamir khan daughter Ira Khan troll for cigarette photo
ট্ৰ’ল হ’ল আইৰা খান

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 6:43 PM IST

চিটাৰা ডেস্ক, ১৬ জানুৱাৰী: নতুন বছৰটো আৰম্ভ হোৱাৰ লগে লগে মিষ্টাৰ পাৰফেকচনিষ্ট আমিৰ খানৰ কন্যা আইৰা খানৰ বিবাহৰ বিষয়ে চৰ্চা আৰম্ভ হয় ৷ দীৰ্ঘদিনীয়া প্ৰেমিক তথা চেলিব্ৰিটি জিম প্ৰশিক্ষক নুপুৰ শিখাৰেৰ সৈতে প্ৰথমে আইনী বিবাহপাশত আৱদ্ধ আইৰা ৷ তাৰ পাচত উদয়পুৰত সম্পূৰ্ণ ৰীতি-নীতিৰে বিবাহপাশত আৱদ্ধ হয় ৷ ইয়াৰ পিচত মুম্বাইত গ্ৰেণ্ড ৰিচেপচন পাৰ্টিৰো আয়োজন কৰা হৈছিল । মুঠৰ ওপৰত আইৰাৰ বিবাহৰ সকলো ৰীতি-নীতি সুকলমে সম্পূৰ্ণ হয় ৷ কিন্তু বিবাহৰ পিচত আইৰাই শ্বেয়াৰ কৰিছে এনে এখন ফটো যাৰ বাবে এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ট্ৰ’ল হৈছে ।

শেহতীয়াকৈ আইৰাই নিজৰ ইনষ্টাগ্ৰাম পেজত কিছু ফটো শ্বেয়াৰ কৰিছে, যি ফটো আছিল তেওঁৰ প্ৰি-ৱেডিং ফাংচনৰ । ফটোসমূহত তেওঁৰ বন্ধু-বান্ধৱী, নুপুৰ আৰু পৰিয়ালৰ সৈতে সুন্দৰ মুহূৰ্ত উপভোগ কৰা দেখা গৈছে । কিন্তু ইয়াৰে এখন ফটো এনেকুৱা আছিল যাৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আইৰাক ট্ৰ’ল কৰিবলৈ আৰম্ভ কৰিছে ।

দৰাচলতে আইৰাই শ্বেয়াৰ কৰা এখন ফটোত আইৰাক চিগাৰেট খাই থকা দেখা গৈছে । ফটোখনত আইৰাক চেলুনত বহি চুলিত ৰং কৰা দেখা গৈছে । ফটোখনত আইৰাই মুখত চিগাৰেট লৈ চকু টিপ মাৰি কেমেৰাৰ সন্মুখত পোজ দিয়ে ।

ব্যৱহাৰকাৰীৰ প্ৰতিক্ৰিয়া

এতিয়া আইৰাৰ এই ফটোখন দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । বহু ইউজাৰে তেওঁক ট্ৰল কৰিছে । এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘শেষৰ ফটোখনে বিতৰ্কৰ সৃষ্টি কৰিব ।’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘আপোনাৰ ভাল অভ্যাসৰ বাবে মানুহে আপোনাক অনুসৰণ কৰে আৰু আপুনিয়েই আপোনাৰ ভাবমূৰ্তি নষ্ট কৰি আছে ।’’ আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘‘এই ফটোখন ভাল নহয় ।’’

লগতে পঢ়ক:আইৰাৰ অভ্যৰ্থনাত কিয় উপস্থিত নাছিল আমিৰৰ প্ৰাক্তন পত্নী কিৰণ ৰাও ?

ABOUT THE AUTHOR

...view details