চিটাৰা ডেস্ক, 28 মাৰ্চ: আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাড্ডাৰ সৈতে বিগত কিছুদিন ধৰি সাঙোৰ খাইছে অভিনেত্ৰী পৰিণীতি চোপ্ৰাৰ নাম (Parineeti Chopra and Raghav Chadha relationship) ৷ শেহতীয়াকৈ দুয়োকে একেলগে এখন ৰেষ্টুৰেণ্টত দেখা পোৱা গৈছিল ৷ ইয়াৰ পিচতে তেওঁলোকৰ সম্পৰ্কৰ উৰাবাতৰি বিয়পিবলৈ আৰম্ভ কৰে ৷
একে সময়তে ৰাঘৱ চাড্ডাৰ সৈতে পৰিণীতি চোপ্ৰাৰ ভিডিঅ’ আৰু ফটো নিশাটোৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে (Parineeti Chopra and Raghav Chadha) । এই উৰাবাতৰিৰ মাজতে আম আদমী দলৰ নেতা সঞ্জীৱ অৰোৰাই পৰিণীতি আৰু ৰাঘৱক তেওঁলোকৰ সম্পৰ্কৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনোৱা পৰিলক্ষিত হয় ।
কিছুদিন পূৰ্বে আপৰ নেতা সঞ্জীৱ অৰোৰাই নিজৰ অ’ফিচিয়েল টুইটাৰ হেণ্ডেলত পৰিণীতি আৰু ৰাঘৱৰ কলাজ শ্বেয়াৰ কৰিছিল (Sanjeev Arora congratulates Parineeti Raghav) ৷ কলাজ শ্বেয়াৰ কৰি কেপচনত লিখিছিল, ‘মই ৰাঘৱ চাড্ডা আৰু পৰিণীতি চোপ্ৰাক আন্তৰিক অভিনন্দন জনাইছো (Aam Aadmi party leader Sanjeev Arora)। তেওঁলোকৰ মিলনক মৰম, আনন্দ আৰু ভাতৃত্ববোধেৰে আশীৰ্বাদ দিব পাৰি । মোৰ শুভেচ্ছা থাকিল ৷’ আপৰ নেতাজনৰ এই পোষ্টৰ পিচতে লগে লগে অনুৰাগীয়ে প্ৰকাশ কৰে প্ৰতিক্ৰিয়া । এজন অনুৰাগীয়ে লিখিছে, ‘‘এইটো কেতিয়া ঘোষণা কৰা হৈছিল ?’’ আন এজন অনুৰাগীয়ে লিখিছে, ‘‘বিয়া হ’ব নেকি দুয়োৰে ?’’