চিটাৰা ডেস্ক, 2 মে’: এ আৰ ৰহমান দেশৰ এগৰাকী প্ৰবীণ সংগীত সুৰকাৰ আৰু কণ্ঠশিল্পী (Music composer and singer A R Rahman)। বহু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে ৷ এ আৰ ৰহমানৰ গীতবোৰ পোনে পোনে দৰ্শকৰ হৃদয় চুই যায় বুলি ক’লেও ভুল নহ’ব । সেয়াহে, কণ্ঠশিল্পীগৰাকীৰ প্ৰবল ফেন ফ’ল’ৱাৰো আছে । বিভিন্ন ঠাইত প্ৰবীণ সংগীত সুৰকাৰগৰাকীয়ে লাইভ শ্ব’ও কৰা দেখা যায় ।
শেহতীয়াকৈ পুনেত কণ্ঠশিল্পীগৰাকীৰ কনচাৰ্ট আছিল, কিন্তু সেই কনচাৰ্টত গীত পৰিৱেশন কৰিবলৈ মঞ্চত উঠাৰ লগে লগে কণ্ঠশিল্পীগৰাকীক বাধা প্ৰদান কৰে আৰক্ষীয়ে । ইয়াৰ পিচতে কনচাৰ্টৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে আৰু এই সন্দৰ্ভত বিভিন্ন জনে বিভিন্ন মন্তব্য প্ৰকাশ কৰে (A R Rahman responds to rockstar moment) ৷ এতিয়া এই সমগ্ৰ বিষয়টোক লৈ ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এ আৰ ৰহমানে ।
গীতৰ লগতে নিজৰ বক্তব্য আৰু বিতৰ্কৰ বাবেও এ আৰ ৰহমান চৰ্চাত থাকে (Pune police stop A R Rahmans concert) ৷ বৰ্তমান তেওঁৰ পুনে কনচাৰ্টক লৈ ছ’চিয়েল মিডিয়া চলিছে ব্যাপক চৰ্চা, যিটো কনচাৰ্ট আৰক্ষীয়ে বন্ধ কৰি দিছিল । কিন্তু কিয় গীত পৰিৱেশনত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে ? আচলতে আৰক্ষীয়ে কৈছিল যে নিশা ১০ বজাৰ পিচত গান গোৱা আৰু বজোৱাৰ অনুমতি নাই । সেয়াহে কণ্ঠশিল্পীগৰাকীক গীত পৰিৱেশনত বাধা প্ৰদান কৰিছিল আৰক্ষীয়ে (A R Rahmna reacts to show being haulted by police) ৷