চিটাৰা ডেস্ক, 18 অক্টোবৰ: মঙলবাৰে দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈ যায় ৬৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণী অনুষ্ঠান । দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে বঁটা বিজয়ীসকলক এই সন্মানীয় বঁটাৰে সন্মানিত কৰে । এই অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ সিং ঠাকুৰ । ইফালে বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত ৰাষ্ট্ৰপতিৰ সৈতে সকলো তাৰকাৰ ফটো চেচন অনুষ্ঠিত হয় ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে বঁটাৰে সন্মানিত কৰে উল্লেখ্য যে প্ৰবীণ অভিনেত্ৰী ৱাহিদা ৰেহমানক দাদাচাহেব ফাল্কে লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয় । ইয়াৰ বিপৰীতে আলিয়া ভাটক ‘গংগুবাই কাঠিয়াৱাড়ী’ আৰু কৃতি সেননক ‘মিমি’ ছবিখনৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয় ৷ বলীউডৰ অভিনেতা আৰ মাধৱনৰ পৰিচালনাত নিৰ্মিত ‘ৰকেট্ৰি: দ্য নাম্বি ইফেক্টক’ ২০২১ চনৰ শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি হিচাপে সন্মানিত কৰা হয় ৷ পোন প্ৰথমবাৰৰ বাবে দক্ষিণ চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ আল্লু অৰ্জুনক শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা হয় । এই অনুষ্ঠানটোত এছ এছ ৰাজামৌলিৰ ‘আৰ আৰ আৰ’ ছবিখনে ৬ টাকৈ বঁটা আজৰি আনিবলৈ সক্ষম হয় ।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ সৈতে বলীউডৰ অভিনেত্ৰী তথা গায়িকা শ্ৰেয়া ঘোষাল এই অনুষ্ঠানত ভাৰতীয় চলচ্চিত্ৰ জগতৰ বহু সদস্য উপস্থিত থাকে । বিজয়ীসকলে কেৱল ৰাষ্ট্ৰপতি মূৰ্মুৰ পৰা বঁটা লাভ কৰাই নহয়, তেওঁৰ সৈতে মত বিনিময়ো কৰা দেখা যায় আৰু তেওঁৰ সৈতে ফটো তোলাৰো সুযোগ লাভ কৰে ৷ দাদাচাহেব ফাল্কে জীৱনজোৰা সাফল্য বঁটাৰ সৈতে সকলো বিজয়ীৰ গ্ৰুপ ফটো তোলা হয় । আলিয়াৰ স্বামী তথা অভিনেতা ৰণবীৰ কাপুৰকো ছবিখনত পোজ দিয়া দেখা গৈছে ।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা হৈছে আটাইতকৈ সন্মানীয় বঁটাবোৰৰ ভিতৰত অন্যতম, যিটো প্ৰতি বছৰে সমগ্ৰ দেশৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাণ প্ৰতিভাক সন্মান জনোৱাৰ বাবে ঘোষণা কৰা হয় । কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ চলচ্চিত্ৰ মহোৎসৱ সঞ্চালকালয়ৰ মতে, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ উদ্দেশ্য হৈছে ‘নান্দনিক আৰু কাৰিকৰী উৎকৰ্ষতা আৰু সামাজিক প্ৰাসংগিকতাৰ ছবি নিৰ্মাণক উৎসাহিত কৰা ।
লগতে পঢ়ক:Waheeda Rehman: দাদা চাহেব ফাল্কে বঁটা লাভ কৰি আৱেগিক হৈ পৰিল ৱাহিদা ৰেহমান, লাভ কৰিলে ষ্টেণ্ডিং অভেচন