চিটাৰা ডেস্ক, 24 ফেব্ৰুৱাৰী: আজি বলীউডৰ অভিনেত্ৰী পূজা ভাটৰ জন্মদিন ৷ ১৯৭২ চনৰ ২৪ ফেব্ৰুৱাৰীত অৰ্থাৎ আজিৰ দিনটোতে ভাট পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল পূজা ভাটে ৷ ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা মহেশ ভাট আৰু কিৰণ ভাটৰ কন্যা পূজা (Happy birthday Pooja Bhatt) ।
১৭ বছৰ বয়সত অভিনয়ত আত্মপ্ৰকাশ কৰিছিল পূজা ভাটে ৷ ১৯৮৯ চনত পিতৃ মহেশ ভাটৰ পৰিচালনাত নিৰ্মিত ডেডী নামৰ ছবিখনত পোনপ্ৰথমবাৰৰ বাবে অভিনয় কৰিছিল পূজাই । ছবিখনত মদ্যপায়ী পিতৃৰ সৈতে বিচ্ছিন্ন সম্পৰ্কত আত্মা সন্ধান বিচৰা কিশোৰীৰ ৰূপত অভিনয় কৰিছিল পূজাই ৷
পূজা ভাটৰ ৰূপালী পৰ্দাত আটাইতকৈ ডাঙৰ হিট আৰু অভিলেখ গঢ়া মিউজিকেল হিট গীতটো হৈছে দিল হ্যে কে মানতা নেহী (১৯৯১) ৷ এই গানটো অস্কাৰ বিজয়ী হলিউডৰ ক্লাছিক ইট হেপেণ্ড ৱান নাইটৰ পুনঃ নিৰ্মাণ আছিল । পূজা ভাটে বহুতো বল্ড শ্বুটিঙত অভিনয় কৰিছিল (Read some unknowns facts of actress Pooja Bhatt)।
নব্বৈৰ দশকত পূজা ভাটৰ আটাইতকৈ পৰিচিত ছবিসমূহৰ ভিতৰত হৈছে সঞ্জয় দত্তৰ সৈতে চড়ক (১৯৯১), জুনুন, জানাম, আৰু ফিৰ তেৰী কাহানি য়াদ আয়েত অভিনয় কৰিছিল ৷ ছাৰ (১৯৯৩) আৰু ঘুনেহগাৰ (১৯৯৫), তাডিপাৰ (১৯৯৩), নাৰাজ (১৯৯৪), হম দৌনো, চাহাত (১৯৯৬), তমন্না (১৯৯৭), ছুপাৰ হিট ছবি বৰ্ডাৰ (১৯৯৭) আৰু জাখম (১৯৯৮) পূজা ভাট অভিনীত অন্যতম ছবি ।
পূজা ভাটৰ শেষৰটো চলচ্চিত্ৰ অভিনয় আছিল ইংৰাজী ভাষাৰ ছবি এভৰিবডি চেইচ আই এম ফাইন ! তাৰ পিছত পূজাই প্ৰযোজনা আৰু পৰিচালনাত মনোনিৱেশ কৰে । ২০০৪ চনত জন আব্ৰাহাম আৰু উদিতা গোস্বামীৰ অভিনীত পাপৰ ছবিৰে পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে ।
২০২০ চনত পূজা ভাটে Sadak 2 ছবিখনৰ সৈতে আকৌ ৰূপালী পৰ্দালৈ ঘূৰি আহে । ২০ বছৰৰ পিছত তেওঁৰ পিতৃ মহেশ ভাটে এই ছবিখনৰ জৰিয়তে পুনৰ পৰিচালনাৰ কামলৈ ঘূৰি আহে । ২০২০ চনৰ ২৮ আগষ্টত ষ্ট্ৰীমিং প্লেটফৰ্ম Disney+ Hotstar ত ছবিখনে মুক্তি লাভ কৰিছিল ।
২০২১ চনত অলংকৃত শ্ৰীবাস্তৱৰ পৰিচালনাত নিৰ্মিত ৱেবছিৰিজ বম্বে বেগমছত দেখা পোৱা গৈছিল পূজাক ভাটক । শেহতীয়াকৈ লেখক আৰু পৰিচালক আৰ বাল্কীৰ ছবি চুপ: ৰিভেঞ্জ অৱ দ্য আৰ্টিষ্ট ছবিখনত দেখা পোৱা গৈছিল পূজাক ৷
উল্লেখ্য যে এসময়ৰ জনপ্ৰিয় অভিনেত্ৰী পূজা ভাটৰ নাম সাঙোৰ খাই পৰিছিল পিতৃৰ সৈতে (Mahesh Bhatt and Pooja Bhatt controversy) ৷ পিতৃৰ লগত কৰা এটা ফটোশ্বুটে তোলপাৰ লগাইছিল দেশজুৰি ৷ পিতৃ মহেশ ভাট আৰু কন্যা পূজাক চুমা খাই থকা দেখা পোৱা গৈছিল ফটোখনত ৷ এই ফটোখন সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচতেই দেশজুৰি তোলপাৰ লাগিছিল ৷ আনকি পিতৃ মহেশ ভাটে কৈছিল যদি পূজা ভাট তেওঁৰ ছোৱালী নহ’লহেতেন তেন্তে তেওঁ পূজাক বিয়া কৰিলে হেতেন । ইয়াৰ পিচতে সামাজিক মাধ্য়মত ব্যাপকভাৱে সমালোচিত হৈছিল মহেশ ভাট আৰু পূজা ভাট ৷
লগতে পঢ়ক:Ajay Kajol marriage Anniversary: বিয়াৰ পূৰ্বে কেইবাৰ ব্ৰেকআপ হৈছিল কাজল-অজয়ৰ মাজত ?