চিটাৰা ডেস্ক, 15 মে’:ফ্ৰান্সৰ উপকূলীয় অঞ্চল ফ্ৰেন্স ৰিভিয়াৰাত অহা ১৬ মে’ৰ পৰা ২৭ মে’লৈ আয়োজন কৰা হৈছে ২০২৩ বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱ (Cannes Film Festival 2023)। কাঁ চলচ্চিত্ৰ মহোৎসৱৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে চাৰিখন ভাৰতীয় ছবি । কানু বেহলৰ ‘আগ্ৰা’ তেওঁৰ দ্বিতীয়খন ছবি হ’ব, যাৰ বিশ্ব প্ৰিমিয়াৰ হ’ব কাঁৰ ডাইৰেক্টৰছ ফ’টনাইটত । ২০১৪ চনত কানু বেহলৰ প্ৰথম ছবি তিতলি প্ৰদৰ্শিত হৈছিল ‘অন চাৰ্টেইন ৰিগাৰ্ড’ৰ শিতানত ৷ উল্লেখ্য যে এইবাৰ ভাৰতীয় প্ৰতিনিধিৰ নেতৃত্বত থাকিব কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যিক মন্ত্ৰী ড° এল মুৰুগান (Union Minister of State Dr L Murugan)।
অনুৰাগ কাশ্যপৰ ‘কেনেডি’ ছবিখন মাজনিশাৰ প্ৰদৰ্শনীত আৰু নেহেমিচক প্ৰদৰ্শন কৰা হ’ব ফেষ্টিভেল ডি কাঁৰ লা চিনেফ শিতানত । এইবোৰৰ বাহিৰেও কেইবাখনো ভাৰতীয় ছবি মাৰ্চে ডু ফিল্মছত প্ৰদৰ্শিত হৈছে । ‘ক্লাছিকছ’ শিতানত প্ৰদৰ্শিত হ’ব পুনৰ সৃষ্টি কৰা মণিপুৰী ছবি ‘ঈশানৌ’। ১৯৯১ চনৰ মহোৎসৱৰ ‘অন চাৰ্টেইন ৰিগাৰ্ড’ শিতানত প্ৰথমবাৰৰ বাবে প্ৰদৰ্শিত হোৱা ছবিখনৰ চলচ্চিত্ৰ ৰিল ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভৰ দ্বাৰা সংৰক্ষিত হৈ আছে । মণিপুৰ ষ্টেট ফিল্ম ডেভেলপমেণ্ট ছ’চাইটিয়ে ফিল্ম হেৰিটেজ ফাউণ্ডেশ্যন আৰু প্ৰসাদ ফিল্ম লেবছৰ জৰিয়তে ছবিখনৰ পুনৰ নিৰ্মাণ কৰিছে (4 Indian films Selected For Cannes Film Festival)।
ফেষ্টিভেল ডি কাঁ আৰু মাৰ্চে ডু ফিল্মছ দুয়োটা শিতানত দেখুওৱা ভাৰতীয় ছবিসমূহে এই কথা স্পষ্ট কৰে যে ভাৰতীয় ছবি যে সঁচাকৈয়ে পৰিপক্ক হৈছে । এইবাৰ কাঁ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত খোজ দিব দ্য এলিফেণ্ট হুইছপাৰ্ছ খ্যাতিৰ চলচ্চিত্ৰ নিৰ্মাতা গুনীত মংগা (The Elephant Whisperer) আৰু ভাৰতীয় অভিনেত্ৰী মডেল তথা মিছ ৱৰ্ল্ড ২০১৭ বিজয়ী মনুষী চিল্লাৰ। এইবোৰৰ উপৰিও ১৬ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া কাঁ চলচ্চিত্ৰ মহোৎসৱত ভাৰতীয় ছবিৰ প্ৰশংসিত অভিনেত্ৰী এছা গুপ্তা আৰু বিখ্যাত মণিপুৰী অভিনেতা কাংবাম টম্বাকো খোজ দিয়া দেখা যাব ৰেড কাৰ্পেটত । কাংবাম টম্বাৰ ৰিমাষ্টাৰ কৰা ছবি ‘ঈশানৌ’এই বছৰ কাঁ ক্লাছিকছ শাখাত প্ৰদৰ্শিত হ’ব ।