চিটাৰা ডেস্ক, ৩১ ডিচেম্বৰ: মনোৰঞ্জন জগতৰ পৰা আহিছে এটা দুখৰ খবৰ । খবৰ অনুসৰি শনিবাৰে দেহাৱসান ঘটে ব্ৰিটিছ অভিনেতা টম উইলকিনছনৰ । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৫ বছৰ ৷ টমৰ মৃত্যুৰ বিষয়ে তথ্য প্ৰদান কৰিছে পৰিয়ালবৰ্গই । পৰিয়ালৰ লোকে জনোৱা মতে, শনিবাৰে ঘৰতে মৃত্যু হয় উইলকিনছনৰ । মৃত্যুৰ সময়ত টমৰ ওচৰত উপস্থিত আছিল তেওঁৰ পত্নী আৰু পৰিয়ালবৰ্গ । অৱশ্যে অভিনেতাগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । কাৰণ মৃত্যুৰ সন্দৰ্ভত পৰিয়ালে শ্বেয়াৰ কৰা নাই আন কোনো তথ্য ।
টম উইলকিনছনৰ কেৰিয়াৰ
উল্লেখ্য যে, উইলকিনছনে মুঠ ১৩০ খনতকৈও অধিক ছবিত কাম কৰিছে । ২০০১ চনত ‘ইন দ্য বেডৰুম’ নামৰ পাৰিবাৰিক নাটকত কৰা কামৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেতা শাখাত একাডেমী বঁটাৰ বাবে মনোনীত হয় । ২০০৭ চনত জৰ্জ ক্লুনী অভিনীত ছবি ‘মাইকেল ক্লেটন’ত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহ অভিনেতাৰ শাখাত মনোনয়ন লাভ কৰে ।
এমি লাভ কৰি ৰচিছিল ইতিহাস
২০০৮ চনৰ মিনি ছিৰিজ জন এডামছত আমেৰিকাৰ ৰাজনৈতিক ব্যক্তি বেঞ্জামিন ফ্ৰেংকলিনৰ চৰিত্ৰত অভিনয় কৰি টম উইলকিনছনে এমি বঁটা আৰু দ্য কেনেডছত জন এফ কেনেডীৰ পিতৃ জোৰ চৰিত্ৰত অভিনয় কৰি এমি বঁটা লাভ কৰে । ২০১৪ চনৰ চেলমা ছবিখনত তেওঁ ৰাষ্ট্ৰপতি লিণ্ডন বি জনছনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু দ্য গ্ৰেণ্ড বুডাপেষ্ট হোটেল আৰু গাৰ্ল উইথ এ পাৰ্ল ইয়াৰৰিঙত অভিনয় কৰিছিল ।
'দ্য ফুল মণ্টী'ত ষ্টীল মিলৰ প্ৰাক্তন ফৰমেন গেৰাল্ড কুপাৰৰ চৰিত্ৰত অভিনয় কৰি উইলকিনছনে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল । টমক প্ৰায়ে আমেৰিকাৰ ৰাজনৈতিক ব্যক্তিৰ চৰিত্ৰত অভিনয় কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল । ‘দ্য কেনেডীছ’ত ৰাষ্ট্ৰপতি জন এফ কেনেডীৰ পিতৃৰ চৰিত্ৰত অভিনয় কৰি তেওঁ এমি বঁটাৰ বাবে মনোনীত হৈছিল । একে সময়তে জন এডামছ ছবিত বেঞ্জামিন ফ্ৰেংকলিনৰ চৰিত্ৰত অভিনয় কৰি তেওঁ এই বঁটা লাভ কৰে ।
লগতে পঢ়ক:দক্ষিণ আফ্ৰিকাৰ সংগীত আইকন জাহাৰাৰ দেহাৱসান, ৩৬ বছৰ বয়সতে বিশ্ববাসীৰ পৰা বিদায় ল’লে