চিটাৰা ডেস্ক, ১৯ নৱেম্বৰ :৭২ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ বিজয়ীৰ খিতাপ দখল কৰিলে নিকাৰাগুয়াৰ শ্বেনিছ পলাচিঅ’য়ে । এই গ্ৰেণ্ড ইভেণ্টৰ আয়োজন কৰা হৈছিল এল ছেলভাডৰত । য’ত ৯০খন দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল । এই প্ৰতিযোগিতা অংশগ্ৰহণ কৰিবলৈ ভাৰতৰ পৰা গৈছিল ২৩ বছৰীয়া শ্বেতা শাৰদা । অৱশ্যে শ্বেতাই শীৰ্ষ দহটা স্থানতো স্থান লাভ কৰিব নোৱাৰিলে ।
কোনে পিন্ধালে মিছ ইউনিভাৰ্ছৰ মুকুট
মিছ ইউনিভাৰ্ছ শ্বেনিছ পলাচিঅ’ক আমেৰিকাৰ আৰ বনি গেব্ৰিয়েলে পিন্ধাই মিছ ইউনিভাৰ্ছৰ মুকুট । এই ইভেণ্টত অষ্ট্ৰেলিয়াৰ মৰায়া উইলছনে দ্বিতীয় ৰানাৰ্ছ আপ হোৱাৰ বিপৰীতে থাইলেণ্ডৰ এণ্টনিয়া পৰ্চিল্ড হয় প্ৰথম ৰানাৰ্ছ আপ । থাইলেণ্ডৰ এণ্টনিয়া, অষ্ট্ৰেলিয়াৰ মৰায়া উইলছন আৰু নিকাৰাগুয়াৰ শ্বেনিছ পলাচিঅ’ই শীৰ্ষ ৩ স্থানত স্থান লাভ কৰে । অৱশ্যে বিজয়ীৰ খিতাপ দখল কৰে শ্বেনিছ পলাচিঅ’য়ে ।
গণ সংযোগৰ বিষয়ে অধ্যয়ন কৰিছে পলাচিঅ’ই