চিটাৰা ডেস্ক, 19 মাৰ্চ: ইনষ্টাগ্ৰামত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি হিচাপে ইতিহাস ৰচিলে কণ্ঠশিল্পী তথা অভিনেত্ৰী চেলেনা গোমেজে ৷ অৱশ্যে পূৰ্বে ইনষ্টাগ্ৰামত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা চেলিব্ৰিটি আছিল কাইলী জেনাৰ (Kylie Jenner Instagram followers) ৷ কিন্তু কোৱা হয়, সময় সলনি হ’বলৈ সময় নালাগে ৷ তাকেই যেন প্ৰমাণিত হ’ল চেলেনা গোমেজেৰ ক্ষেত্ৰতো ৷ ইনষ্টাগ্ৰামত সৰ্বাধিক ফল’ৱাৰেৰে চেলেনাই এইবাৰ কাইলি জেনাৰক পৰাস্ত কৰি গঢ়িলে অভিলেখ (Selena Gomez instagram followers) ৷
শেহতীয়াকৈ ইনষ্টাগ্ৰামত 800 মিলিয়ন অৰ্থাৎ ৪০ কোটি ফল’ৱাৰ লাভ কৰিছে চেলেনাই (Most Followed Female On Instagram) ৷ অৰ্থাৎ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই যাদুকৰী নম্বৰ লাভ কৰা প্ৰথমগৰাকী মহিলা হৈছে অভিনেত্ৰী চেলেনা গোমেজ (Selena Gomez Instagram followers) ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে ইনষ্টাগ্ৰামত আটাইতকৈ অধিক ফল’ৱাৰ থকা মহিলা আছিল কাইলী জেনাৰ । কাইলি জেনাৰৰ বৰ্তমান ইনষ্টাগ্ৰাম ফল’ৱাৰ হৈছে 382 মিলিয়ন (Kylie Jenner) ৷ বিগত মাহত ছ’চিয়েল মিডিয়াৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰিছিল চেলেনাই ৷ ইয়াৰ পিচতে ছ’চিয়েল মিডিয়াত আৰু অধিক জনপ্ৰিয় হৈ পৰিছিল চেলেনা ৷ এই ঘোষণাৰ পিচতে তীব্ৰ গতিত বাঢ়িব ধৰিছিল চেলেনাৰ ফল’ৱাৰ (400 million followers on Instagram) ৷