চিটাৰা ডেস্ক, ২৭ ডিচেম্বৰ: অস্কাৰ বিজয়ী ছবি ‘পেৰাচাইট’ খ্যাত দক্ষিণ কোৰিয়াৰ অভিনেতা লি ছান-কিউন আৰু নাই । মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৪৮ বছৰ । বুধবাৰে য়নহাপ নিউজ এজেন্সীয়ে তেওঁৰ মৃত্যুৰ তথ্য প্ৰকাশ কৰিছে । অবৈধ ড্ৰাগছৰ বিৰুদ্ধে চলি থকা চৰকাৰী পদক্ষেপৰ মাজতে এই চাঞ্চল্যকৰ খবৰ আহিছে । দৰাচলতে লি ছান-কিউনৰ বিৰুদ্ধে ড্ৰাগছ সেৱনৰ অভিযোগত তদন্ত চলি আছিল ।
মৃত্যুৰ পূৰ্বে লিখিছিল চুইচাইড নোট
য়নহাপ নিউজ এজেন্সীৰ মতে, বুধবাৰে পুৱা ছিউলৰ এখন পাৰ্কৰ ওচৰত ৰখাই থোৱা বাহনৰ ভিতৰত অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছিল অভিনেতাগৰাকীক । লীৰ পত্নীয়ে অভিনেতাজনৰ নিৰুদ্দেশৰ বিষয়ে আৰক্ষীক অৱগত কৰিছিল আৰু কৈছিল যে অভিনেতাজনে ঘৰত এখন ছুইচাইড নোট এৰি থৈ গৈছিল ৷ তাৰ পিচতে লিক বিচাৰি আৰক্ষীয়ে আৰম্ভ কৰিছিল অভিযান ৷ অভিযানত আৰক্ষীয়ে অচেতন অৱস্থাত বাহনৰ পৰা উদ্ধাৰ কৰে অভিনেতাগৰাকীক ৷ পৰৱৰ্তী সময়ত চিকিৎসকে তেওঁৰ মৃত্যু নিশ্চিত কৰে ৷ অৰ্থাৎ বাহনৰ ভিতৰতেই মৃত্যু হৈছিল অভিনেতাগৰাকীৰ ।
এইখিনিতে উল্লেখ কৰিব লাগিব যে, ড্ৰাগছৰ কঠোৰ আইনৰ বাবে পৰিচিত দক্ষিণ কোৰিয়াই ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰে । অপৰাধীক নূন্যতম ছমাহৰ কাৰাদণ্ড বিহা হয়, পুনৰাবৃত্তি কৰা অপৰাধীক আৰু ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত লোকৰ বাবে ১৪ বছৰ পৰ্যন্ত কাৰাদণ্ড দিয়া হয় ।
‘পেৰাচাইট’ৰ পৰা আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল