চিটাৰা ডেস্ক,১ মে':বিশ্বৰ সংগীত জগতত শোকৰ ছাঁ । 'দ্য জুডছ' (The Judds) হিচাপে খ্যাত মাতৃ-কন্যাৰ যুটি আৰু আপোনালোকে শুনিবলৈ নাপাব । ৫ বাৰকৈ গ্ৰেমী সন্মান লাভ কৰিবলৈ সক্ষম হোৱা এই সংগীত যুটিৰ অন্যতম গায়িকা নাওমি জুড আৰু নাই (Grammy award winner Naomi Judd passes away)। শনিবাৰে ৭৬ বছৰ বয়সত মৃত্যু হয় মহান শিল্পীগৰাকীৰ ।
গায়িকা তথা অভিনেত্ৰী নাওমি জুডৰ কন্যা এছলী জুডে টুইটযোগে এই শোকৰ খবৰ জনায় । টুইটত উল্লেখ কৰা মতে মাতৃৰ বিয়োগত দুই ভগ্নী ক্ৰমে এছলী জুড আৰু ৱিনোনা জুড আজি শোকস্তব্ধ । মাতৃক হেৰুৱাই তেওঁলোক আজি মানসিকভাৱে ভাগি পৰিছে ।
উল্লেখ্য যে, নাওমি আৰু তেওঁৰ কন্যা ৱিনোনাই ১৯৮০ ৰ দশকৰ আৰম্ভণিতে পেছাদাৰী হিচাপে একেলগে গান গাবলৈ আৰম্ভ কৰিছিল । পৰৱৰ্তী সময়ত এই মাতৃ-কন্যাৰ যুটিয়ে "মামা হিজ ক্ৰেজি"(Mama He's Crazy) আৰু "লাভ কেন বিল্ড এ ব্ৰিজ"(Love Can Build a Bridge) কে ধৰি বহুতো গীতেৰে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছিল । ১৯৮৩ চনত মুক্তি প্ৰাপ্ত তেওঁলোকৰ প্ৰথম একক "হেড এ ড্ৰীম (ফৰ দা হাৰ্ট)" গীতটোৱে বিলবৰ্ড কাণ্ট্ৰী চাৰ্টত ১৭ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল ।