চিটাৰা ডেস্ক, 13 জুলাই :Versaceৰ মডেল জেনিফাৰ পেম্পলোনাই নিজকে কিম কাৰ্দাছিয়ান সজাবলৈ গৈ প্ৰায় ৬০০ হাজাৰ ডলাৰ ব্যয় কৰাৰ পিছত এতিয়া ১২০ হাজাৰ ডলাৰ দি তেওঁৰ পূৰ্বৰ ৰূপলৈ ঘূৰি যাব বিচাৰিছে । প্ৰাপ্ত তথ্য অনুসৰি, ২৯ বছৰীয়া মডেলগৰাকীয়ে চেলেব্ৰিটী গৰাকীক অনুকৰণ কৰাৰ প্ৰয়াসত ১২ বছৰৰ ভিতৰত প্ৰায় ৪০টা কচমেটিক চাৰ্জাৰী কৰিছিল ।
এটা ৱেবলয়ডক দিয়া সাক্ষ্যাৎকাৰত মডেল গৰাকীয়ে কয় যে "মানুহে মোক কাৰ্দাছিয়ান বুলি ক’বলৈ লোৱাত ই মোৰ বাবে বিৰক্তিকৰ হ’বলৈ ধৰিলে । মই কাম কৰিছিলোঁ, পঢ়িছিলোঁ আৰু এগৰাকী ব্যৱসায়ী আছিলোঁ । মই এই সকলোবোৰ কাম কৰিছিলোঁ আৰু মোৰ ব্যক্তিগত জীৱনত এই সকলোবোৰৰ কৃতিত্ব পাইছিলোঁ, কিন্তু মোৰ চেহেৰাৰ কাৰ্দাছিয়ানৰ চেহেৰাৰ সৈতে সাদৃশ্য থকা বাবেহে মোক স্বীকৃতি দিয়া হৈছিল"(Kim Kardashian lookalike) ৷
প্ৰথমবাৰ অস্ত্ৰোপচাৰ কৰা সময়ত পেম্পলোনাৰ বয়স আছিল ১৭ বছৰ । সেই সময়ত কাৰ্দাছিয়ানে জনপ্ৰিয়তা লাভ কৰিবলৈ আৰম্ভ কৰিছিলহে মাত্ৰ । প্ৰথমটো অস্ত্ৰোপচাৰৰ পিছত পেম্পলোনাই এনে পদ্ধতিৰ প্ৰতি আসক্তি গঢ়ি তুলিছিল ৷ কাৰ্দাছিয়ানক অনুকৰণ কৰিবলৈ মডেলগৰাকীৰ শৰীৰৰ তলৰ অংশত তিনিটা ৰাইন’প্লাষ্টিজ আৰু আঠটা অস্ত্ৰোপচাৰ কৰা হৈছিল য’ত butt implants আৰু fat injections কে ধৰি ৪০টাতকৈও অধিক চিকিৎসা কৰা হৈছিল ৷
অস্ত্ৰোপচাৰৰ সম্পৰ্কত পেম্পলোনাই স্বীকাৰ কৰি এইদৰে কয়, "মই আৱিষ্কাৰ কৰিলোঁ যে মই অস্ত্ৰোপচাৰৰ প্ৰতি আসক্তি অনুভৱ কৰিবলৈ লৈছো আৰু মই সুখী নাছিলো, মই চুপাৰ মাৰ্কেটত থকাৰ দৰে মুখত ফিলাৰ দি আছিলো ৷ এইয়া আছিল এক নিচা আৰু মই অস্ত্ৰোপচাৰ, খ্যাতি আৰু ধনৰ পাকচক্ৰত সোমাই পৰিলোঁ, মই সকলো কথাৰ ওপৰতেই নিয়ন্ত্ৰণ হেৰুৱাই পেলালোঁ । মই বহুত কঠিন সময় পাৰ কৰিছো" ৷
পেম্পলোনাই দাবী কৰিছিল যে তেওঁৰ শৰীৰৰ ডিছমৰ্ফিয়া হোৱাৰ কথা উপলব্ধি কৰাৰ আগতে তেওঁ বছৰ বছৰ ধৰি বিচলিত হৈ আছিল আৰু তেওঁ নিজৰ স্বাভাৱিক ৰূপলৈ ঘূৰি যাবলৈ বিচাৰিছিল । পেম্পলোনাই ইস্তানবুলত এজন চিকিৎসকৰ সম্ভেদ উলিয়াই লৈছিল যিয়ে তেওঁৰ পূৰ্বৰ চেহেৰা ঘূৰাই অনাত সহায় কৰিব পাৰিব বুলি দাবী কৰিছিল । "মই কম্পিউটাৰত আগতেই দেখিছিলোঁ যে মই দেখিবলৈ কেনেকুৱা হ'ম আৰু এনে লাগিছিল যেন মোৰ পুনৰ্জন্ম হৈছে," মডেল গৰাকীয়ে কয় ।
'মোৰ মুখ আৰু ডিঙি লিফ্ট, বাকেল ফেট ৰিমুভেল, কেট আই চাৰ্জাৰী, লিপ লিফ্ট আৰু নাকৰ চাৰ্জাৰী একেলগে কৰা হৈছিল । মই যিজন ব্যক্তি হিচাপে অপাৰেচন ৰুমলৈ সোমাই গৈছিলো ওলাই আহোতে আন এজন ব্যক্তি হিচাপে ওলাই আহিলোঁ" ৷