অসম

assam

ETV Bharat / elections

প্ৰতিকূল বতৰকো নেওচি হাইলাকান্দিত ৰাহুল গান্ধীৰ জনসভা

প্ৰতিকূল বতৰৰ মাজতে হাইলাকান্দিৰ পাঁচগ্ৰামত জনসভাত অংশ লয় কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে । প্ৰতিকূল বতৰৰ বাবে সভাস্থলীত সৃষ্টি হয় তীব্ৰ বিশৃংখলতাৰ ।

By

Published : Apr 9, 2019, 5:25 PM IST

হাইলাকান্দিত ৰাহুল গান্ধীৰ জনসভা

হাইলাকান্দি,9 এপ্ৰিলঃ মঙলবাৰে হাইলাকান্দিৰ পাঁচগ্ৰামত কৰিমগঞ্জ আৰু কাছাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত অংশ লয় ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে । এই প্ৰচাৰ সভাত প্ৰতিকূল বতৰৰ বাবে ১১ বজাৰ পৰিৱৰ্তে ১ বজাত হে উপস্থিত হয় ৰাহুল গান্ধী । সভাত ভাষণ প্ৰংসগত ৰাহুল গান্ধীয়ে বিজেপিক কটু সমালোচনা কৰি কংগ্ৰেছ চৰকাৰ গঠন হ'লে ৬ মাহৰ ভিতৰত অসমৰ দুটা কাগজ কল পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । লগতে সুস্মিতা দেৱ জয়ী হ'লে কেন্দ্ৰীয় মন্ত্ৰীত্ব পদ লাভ কৰাটো নিশ্চিত বুলিও ঘোষণা কৰে ৰাহুল গান্ধীয়ে । ইপিনে সভা আৰম্ভ হোৱাৰ আগেয়ে তীব্ৰ ধুমুহা-বৰষুণৰ ফলত ভাঙি পৰে প্ৰেছ গেলাৰী। যাৰ ফলত আহত হয় এগৰাকী স্থানীয় সংবাদকৰ্মী ।

হাইলাকান্দিত ৰাহুল গান্ধীৰ জনসভা

ABOUT THE AUTHOR

...view details