আলগাপুৰ, ৯ এপ্ৰিলঃ কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে পশ্চিমবংগ চৰকাৰৰ নগৰ উন্নয়ন মন্ত্ৰী ফাৰহাদ হাকিম। সমষ্টিটোৰ তৃণমূল কংগ্ৰেছ দলৰ প্ৰাৰ্থী চন্দন দাসৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে চুবুৰীয়া ৰাজ্যখনৰ অন্যতম মন্ত্ৰীগৰাকীয়ে ।
কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ সম্ভাৱনা নাইঃ ফাৰহাদ হাকিম
কৰিমগঞ্জ লোকসভা সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী চন্দন দাসৰ হৈ প্ৰচাৰ চলায় পশ্চিমবংগৰ নগৰ উন্নয়ন মন্ত্ৰী ফাৰহাদ হাকিমে
হাইলাকান্দি জিলাৰ আলগাপুৰত সোমবাৰে অনুষ্ঠিত হোৱা তৃণমূল কংগ্ৰেছৰ এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে পশ্চিমবংগৰ মন্ত্ৰীগৰাকীয়ে । বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত মমতা বেনাৰ্জীৰ মন্তব্যকে পুনৰাবৃত্তি কৰে হাকিমে ।
বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি কেন্দ্ৰত বিজেপি ক্ষমতাত অহাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । বিজেপিয়ে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰিব নোৱাৰে । নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ বিজেপিয়ে অসমত সাম্প্ৰদায়িক সংঘাতৰ সৃষ্টি কৰিবলৈ বিচাৰিছে বুলি বিস্ফোৰক মন্তব্য কৰে পশ্চিমবংগৰ মন্ত্ৰীগৰাকীয়ে ।