নগাঁও, 11 এপ্ৰিলঃনগাঁৱত ইভিএমত বন্দী হ'ল সাতগৰাকীকৈ প্ৰাৰ্থীৰ ভাগ্য ৷ কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিত ইতিমধ্যে সম্পন্ন হৈছে ভোটদান প্ৰক্ৰিয়া ৷ জিলা উপায়ুক্তই প্ৰকাশ কৰিছে এই তথ্য ৷ নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ পৰা এই প্ৰতিবেদন প্ৰেৰণ কৰিছে স্থানীয় সাংবাদিক ৰকিবুল ৱাহিদে ৷
নগাঁও চৰকাৰী বালিকা বিদ্যালয়ৰ ষ্ট্ৰং ৰুমলৈ ইভিএম - কলিয়াবৰ লোকসভা সমষ্টি
কলিয়াবৰ লোকসভা সমষ্টিৰ অন্তৰ্গত চাৰিটা বিধানসভা সমষ্টিত সম্পন্ন ভোটদান ৷ ইতিমধ্যে নিৰ্বাচনী বিষয়াই ষ্ট্ৰং ৰুমলৈ লৈ আনিছে ইভিএমসমূহ ৷
ইতিমধ্যে ইভিএমসমূহ লৈ নিৰ্ধাৰিত স্থানত আহি উপস্থিত হৈছে নিৰ্বাচনী বিষয়াসকল ৷ নগাওঁ মহকুমাৰ অধীনৰ চাৰিটাকৈ বিধানসভা সমষ্টিৰ ই ভি এম নগাওঁ চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত ৰখাৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে ।
বিদ্যালয়খনৰ চাৰিটা কোঠাত তিনিতৰপীয়া নিৰাপত্তা বেষ্টনী তথা 24 ঘন্টাই চিচিটিভিৰ নিৰীক্ষণত থাকিব ইভিএমসমূহ ৷ চি আৰ পি এফে ষ্ট্ৰং ৰুমৰ নিৰাপত্তাত থকাৰ লগতে বাহিৰত নিৰাপত্তাত থাকিব অসম আৰক্ষীৰ দল ৷ বৰ্তমানলৈকে সমষ্টিটোত 70-75 শতাংশ ভোটদান সম্পন্ন হোৱা বুলি প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷ আনহাতে কিছুমান ভোটগ্ৰহণ কেন্দ্ৰত এতিয়াও অব্যাহত আছে ভোটদান প্ৰক্ৰিয়া ৷ সামগ্ৰিকভাৱে কলিয়াবৰ লোকসভা সমষ্টিত ভোটদানৰ শতাংশ আৰু অধিক বৃদ্ধি পাব বুলি প্ৰকাশ কৰিছে জিলা উপায়ুক্তই ৷