ধুবুৰী, ২৩ এপ্ৰিল: ধুবুৰীত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈয়ে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে । সন্ধিয়া পাঁচ বজালৈকে ৭৯.৫৮ শতাংশ ভোটদান সম্পন্ন কৰা হয় ৭৩২ টা ভোটকেন্দ্ৰত । কোনো কোনো ঠাইত ইভিএম মেছিন বিকল হৈছিল যদিও জিলা প্ৰশাসনৰ তৎপৰতাত সুকলমে সমস্যাৰ সমাধান কৰা হয় ।
ধুবুৰীত শান্তিপূৰ্ণভাৱে সম্পন্ন ভোটগ্ৰহণ - ৭৯.৫৮ শতাংশ ভোটদান
ধুবুৰী মহকুমাৰ ৩টাকৈ সমষ্টিৰ ৭৩২ টা ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে সমাপ্ত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । সন্ধিয়া পাঁচ বজালৈকে ৭৯.৫৮ শতাংশ ভোটদান সমাপ্ত কৰা হয় । ধুবুৰী লোকসভাৰ সমষ্টিৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ।
VOTING ENDED PEACEFULLY
ইপিনে ভোটগ্ৰহণ সম্পন্ন হোৱাৰ লগে লগে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলে ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত থকা ষ্ট্ৰং ৰূমত ইভিএম মেছিনসমূহ জমা দিবলৈ আৰম্ভ কৰিছে । উল্লেখ্য যে, ধুবুৰী লোকসভাৰ সমষ্টিৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে এইবাৰ লোকসভা নিৰ্বাচনত অংশগ্ৰহণ কৰিছে ।