ছয়গাঁও, 23 এপ্ৰিলঃযাতায়াতৰ অসুবিধাক নেঁওচি গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ সহস্ৰাধিক ভোটাৰৰ ৷ গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত ছয়গাঁও বিধানসভা সমষ্টি আৰু বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটাহীদিয়া, সৰলপাৰা, ক্ষেত্ৰপাৰা, কলতলি, পানীখাইটী, আৰিকাটি, বৰদিয়া, নয়াপাৰা আদি কৰি চৰাঞ্চলৰ 38 টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ভোটাৰৰ স্ৰোত ৷
যাতায়াতৰ অসুবিধাকো নেঁওচি ভোটাৰ ৰাইজৰ হিলদল - voters cross the brahmaputra river to cast their votes
গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আলিকাষ পাৰঘাটৰ পৰা শ-শ ৰাইজে গৰৈমাৰীৰ চৰ-চাপৰি অঞ্চলত ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয় ৷
যাতায়াতৰ অসুবিধাকো নেঁওচি ভোটাৰ ৰাইজৰ হিলদল
কামৰূপ জিলাৰ ছয়গাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আলিকাষ পাৰঘাটৰ পৰা এইদৰে সহস্ৰাধিক ৰাইজে গৰৈমাৰীৰ চৰ চাপৰি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাঁওনা হয় । তেঁওলোকৰ এটাই আশা, নিৰ্বাচনত ভোট দিয়া প্ৰাৰ্থীয়ে জয়ী হৈ আহি তেঁওলোকৰ বৰ্তমানৰ অৱস্থা কিছুপৰিমানে হ'লেও উন্নত কৰিবলৈ সক্ষম হ'ব ৷ স্থানীয় সাংবাদিক কুলেন্দু কলিতাৰ এক প্ৰতিবেদন ৷