অসম

assam

ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি - Right to Vote

সমগ্ৰ দেশৰ 13খন ৰাজ্য আৰু 2 কেন্দ্ৰীয় শাসিত অঞ্চলত চলি আছে তৃতীয় পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ ভোটদান প্ৰক্ৰিয়াত দেশৰ লগতে অসমটো ভোটাৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি

By

Published : Apr 23, 2019, 11:38 AM IST

আমিনগাঁও, 23 এপ্ৰিলঃৰাজ্যৰ চাৰিটা লোকসভা সমষ্টিত আজি চলি আছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটদান প্ৰক্ৰিয়া ৷ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী লোকসভা সমষ্টিত ভোটাৰ ৰাইজৰ অভূতপূৰ্ব সহাৰি দেখিবলৈ পোৱা গৈছে ৷

তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰৰ অভূতপূৰ্ব সঁহাৰি

গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন স্থানত ভোটাৰ ৰাইজ ভোটদান কৰিবলৈ ওলাই অহা পৰিলক্ষিত হয় ৷ ৰাতিপুৱাৰ পৰাই দীঘলীয়া শাৰীপাতি নিজৰ নিজৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিবলৈ ওলাই আহে ভোটাৰ ৰাইজ ৷ লোকসভা সমষ্টিটোৰ বিভিন্ন স্থানত ৰাতিপুৱা 5 বজাৰ পৰাই শাৰীপাতি নিজৰ অধিকাৰ সাব্যস্ত কৰাত ব্যস্ত এইসকল ভোটাৰ ৰাইজ ৷

অৱশ্যে কোনো কোনো স্থানত প্ৰশাসনৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰে ভোটাৰ ৰাইজে ৷ কোনোধৰণৰ নিয়মানুৱৰ্তিতা নোহোৱাকৈ যধে-মধে যাকে-তাকে ভোট দিবলৈ যাবলৈ দিয়াক লৈ ক্ষোভ প্ৰকাশ কৰে দীঘলীয়া শাৰী পাতি থকা একাংশ ভোটাৰে ৷

ABOUT THE AUTHOR

...view details