ঘৰৰ সকলোৰে ভোট দিলে এজনেই
নিৰ্বাচনী বিষয়াৰ সন্মুখতে এনে ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ কিন্তু অভিযুক্ত লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ঊৰ্ধতন কৰ্তৃপক্ষই ৷
কৰিমগঞ্জৰ ভোটকেন্দ্ৰত বিসংগতি
কৰিমগঞ্জ, ১৮ এপ্ৰিল : কৰিমগঞ্জত ব্যাপক ৰিগিঙৰ ঘটনা ৷ জিলাখনৰ 82নং দক্ষিণ কচুৱাৰী এম.ই.বিদ্যালয়ৰ ভোটকেন্দ্ৰটোত এজন লোকেই দিলে পৰিয়ালৰ সকলো সদস্যৰে ভোট । নিৰ্বাচনী বিষয়াৰ সন্মুখতে এনে ঘটনা সংঘটিত হয় বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷ কিন্তু অভিযুক্ত লোকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ঊৰ্ধতন কৰ্তৃপক্ষই ৷ উল্লেখযোগ্য যে বৰাক উপত্যকাৰ কেইবাটাও ভোটকেন্দ্ৰত ভোটগ্ৰহণৰ নামত ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপন হৈছে ৷