চিৰাঙ, ১৬ এপ্ৰিলঃচিৰাং জিলাৰ গৰুভাষাৰ জে এচ বি পথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে এ আই ইউ ডি এফ সমৰ্থিত ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্মই । কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাও গৌৰা ব্ৰহ্ম ।
বড়োসকলৰ লগতে এনডিএফবিৰ সমস্যা, আলফা সমস্যা, কোব্ৰা মিলিটেন্টৰ সমস্যা সমাধান কৰিবলৈ চৰকাৰৰ কোনো সদিচ্ছা নাই । এইখন চৰকাৰৰ দিনত বিটিএডিত বিধৱা পেঞ্চনৰ নামত দুৰ্নীতি, ৰাস্তা ঘাটৰ নামত দুৰ্নীতি সংঘটিত হৈছে আৰু বিটিএডিৰ বিভিন্ন স্থানত হাগ্ৰামাকে ধৰি চন্দন ব্ৰহ্ম, পানীৰাম ব্ৰহ্মই মাটি কিনিছে আৰু গাড়ীৰ শ্ব' ৰুম বনাইছে । বিটিএডিত বাস কৰা অবড়ো সকলৰ সমস্যা সমাধান কৰাৰ নামটো এইখন চৰকাৰে কোনো সদিচ্ছা দিয়া নাই বুলি উল্লেখ কৰে দলটোৰ এগৰাকী প্ৰবক্তাই ।
পিচ দুৱাৰেদি বদৰউদ্দিন আজমলৰ আশীৰ্বাদ বিচাৰিছে হাগ্ৰামাইঃ ইউ জি ব্ৰহ্ম আনহাতে উৰ্খাও ব্ৰহ্মই কয় যে, ফকিৰাগ্ৰামৰ সভাত অংশগ্ৰহণ কৰিয়ে হাগ্ৰামাৰ কথাৰ সুৰ সলনি হৈছে । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউপিপিএল আৰু এআইইউডিএফৰ উত্থানত শংকিত হৈ পিচ দুৱাৰেদি বদৰুদ্দিন আজমলৰ আশীৰ্বাদ ল'ব বিচাৰিছে । নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে মোৰ জয়ী হোৱাৰ সম্ভাৱনা দেখি বহুতেই বহু বিভ্ৰান্তিকৰ মন্তব্য দিয়া পৰিলক্ষিত হৈছে । ইয়াত মোৰ কোনো সমস্যা নহয়, মোৰ বিজয় নিশ্চিত । ব্ৰহ্মই লগতে কয় যে, আক্ৰাছুয়ে নৱ শৰণীয়াক মুকলি সমৰ্থন জনোৱাটো কোনো নতুন কথা নহয় । নৱ শৰণীয়াক আক্ৰাছুয়েই স্পন্সৰ কৰি আছিল । এবিএমএচইউক লৈ মোৰ সন্দেহ আছিল সেইটো আজি স্পষ্ট হৈছে । মই এইবোৰ লৈ মূৰ ঘমোৱা নাই, এআইইউডিএফে সমৰ্থন জনোৱাৰ পিচত আজি বদৰুদ্দিন আজমল ডাঙৰীয়াই গোসাইগাঁওত আহি প্ৰায় পঞ্চাশ হেজাৰ লোকৰ উপস্থিতিত ইউপিপিএলক ভোটদানৰ আহ্বান জনাইছে । আজিৰ তাৰিখত মই বহু ওপৰত আছো । বিটিএডিৰ ৰাইজে দুৰ্নীতিত অতিষ্ঠ হৈ পৰিছে । নৱ শৰণীয়াই প্ৰদান কৰা এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰিলে । বিগত পাঁচ বছৰে ৰাইজৰ নামত অহা টকাৰে কেৱল সম্পত্তিৰ পাহাৰ গঢ়িছে ।
পিচ দুৱাৰেদি বদৰউদ্দিন আজমলৰ আশীৰ্বাদ বিচাৰিছে হাগ্ৰামাইঃ ইউ জি ব্ৰহ্ম সভাত দলটোৰ বহুসংখ্যক নেতা-কৰ্মীৰ লগতে হাজাৰোধিক ৰাইজ উপস্থিত থাকে ।